peepl-small

ৰাষ্ট্রীয় ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত উজলিল অসম দল

PUBLISHED:

গুৱাহাটীঃ  ঝাৰখণ্ডৰ ৰাঁচীত ২১–২৬ মার্চলৈ অনুষ্ঠিত ২০সংখ্যক ৰাষ্ট্রীয় ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ২৮টা পদক জয়েৰে উজলিছে অসম দল৷ প্রতিযোগিতাখনত অসমে ৬টা স্বর্ণ, ৯টা ৰূপ আৰু ১৩টা ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷

ঠাকুৰ বিশ্বনাথ সহদেউ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনত আয়ান দত্তই এটা স্বর্ণ আৰু এটা ব্রঞ্জ, আৰোহণ বৰুৱাই এটা স্বর্ণ, দুটা ৰূপ, দীক্ষা তিৱাৰীয়ে দুটা স্বর্ণপদক, শ্যামলী ডেকাই এটা স্বর্ণপদক, চিৰঞ্জিতা বড়োৱে দুটা ৰূপৰ পদক লাভ কৰাৰ লগতে স্নেহা বৰা আৰু ডেইজী বৰাই এটাকৈ ৰূপ, প্রান্তিকা বৰা আৰু প্রাঞ্জল মেধিয়ে এটাকৈ ব্রঞ্জ লাভ কৰে৷

কাশ্যপী সোণোৱাল আৰু লৰনিশা বসুমতাৰীয়ে এটাকৈ ৰূপৰ পদক অর্জন কৰে৷ ফ্রী ফাইটিং শাখাত অমিয় দলেই এটা স্বর্ণ, আর্তচ দত্তই এটা ৰূপ, বিমান ৰায়, অংকুৰ ভৌমিক, ভাগ্যশ্রী সন্দিকৈ, অংকিতা চেতিয়া, দেবিয়া আচার্য, প্রান্তিকা বৰা আৰু প্রাঞ্জল মেধিয়ে এটাকৈ ব্রঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়৷

২৮টা পদক লাভ কৰা ৪৪জনীয়া অসম দলটো সুদক্ষ প্রশিক্ষকদ্বয় ৰাহুল বসুমতাৰী আৰু দীপকৰ লগতে মেনেজাৰদ্বয় ৰুণুমী বুঢ়াগোহাঁই আৰু সুভাষ মেধিৰ নেতৃত্বত প্রতিযোগিতাখনত অংশগ্রহণ কৰিছিল৷ অসম উশ্বু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োৱে পদক অর্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে৷

RELATED ARTICLES