peepl-small

অপৰাধমুক্ত হ’ব লাগিব অসমঃ কঠোৰ মুখ্যমন্ত্রী ড০ শর্মা

PUBLISHED:

অপৰাধীৰ প্রতি কঠোৰ সকীয়নি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ অপৰাধীৰ প্রতি কঠোৰ সকীয়নি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমখন অপৰাধমুক্ত হ’ব লাগিব৷ হিংসা, দ্বেষ, চুৰি–ডকাইতি, ধর্ষণ এইবিলাক অসমত নোহোৱা হ’ব লাগিব৷ তাৰ কাৰণে আমি কাম কৰছোঁ আৰু নিৰন্তৰ ধৰণে তাৰ বাবে কাম কৰি যাম৷

মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে কালিৰ দিনটোত ১৪জনৰ ওপৰত তালিবানী সমর্থকক গ্রেপ্তাৰ কৰা হৈছে৷ যোৱানিশা আঢ়ৈমান বজাত কোকৰাঝাৰত বেংক ডকাইতি কৰিবলৈ অহা বৃহৎ ডকাইতৰ দল এটাক উৎখাত কৰা হয়৷ সেই ঘটনাত আৰক্ষীৰ গুলীত তিনিজন ডকাইত নিহত হয়৷ ইপিনে ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শর্মাই এক বিবৃতিত অসমৰ গাঁৱে–ভূঞে তালিবান সমর্থক ওলোৱা ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰি যে কংগ্রেছৰ মিত্রদল এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীসহ সামাজিক মাধ্যমত সন্ত্রাসবাদী তালিবানক হিয়া উজৰি সমর্থন দিয়াৰ অভিযোগত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা আৰক্ষীয়ে মুঠ ১৫জন লোকক গ্রেপ্তাৰ কৰিছে৷

আফগানিস্তান দখল কৰাৰ পাছত তালিবানে নৃশংসতা আৰু বর্বৰতাৰ সকলো সীমা চেৰাই আফগান নাগৰিকৰ ওপৰত চলোৱা চৰম পর্যায়ৰ অত্যাচাৰক অসমৰ দৰে ৰাজ্যৰ একাংশ লোকে সামাজিক মাধ্যমৰ জৰিয়তে সমর্থন কৰি এক অৰাজক চিন্তাৰ পাতনি মেলিবলৈ কৰা প্রয়াস কলিতে মোহাৰি পেলাবলৈ ৰাজ্যৰ সচেতন মহলকো আগভাগ ল’বলৈ আহ্বান জনায়৷

বিবৃতিটোত তেওঁ আৰু কয় যে কংগ্রেছৰ মিত্রদল এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা জমিয়ত উলেমা–ই–হিন্দৰ ৰাজ্যিক সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে তালিবানক সমর্থন কৰি সামাজিক মাধ্যমত মত প্রকাশ কৰাৰ লগতে দেশৰ সংবাদ মাধ্যমকো অশ্লীল ভাষাৰে ভর্ৎসনা কৰি মন্তব্য প্রকাশ কৰিছে৷ দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তর্গত পথৰুঘাটৰ সমীপৱর্তী ঘিলাগুৰি গাঁৱৰ বাসিন্দা কাছিমীয়ে আফগানিস্তানত তালিবানৰ উত্থানৰ পাছতেই ফেচবুকত লিখিছে– ‘প্রকৃত ৰাজনৈতিক প্রতিচ্ছবি ভাৰতৰ গোড়ী মিডিয়াৰ নিউজৰ দ্বাৰা পোৱা অসম্ভৱ৷ এতিয়াও তালিবানক সন্ত্রাসবাদী বুলি ক’বলৈ এৰা নাই৷’ এ আই ইউ ডি এফৰ নেতাগৰাকীৰ তেনে অগণতান্ত্রিক কার্য সম্পর্কত কংগ্রেছে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্রেছ দলৰ এনে নীৰৱতা গণতন্ত্রৰ লগতে মানৱ সভ্যতাৰ বাবেও অতি পৰিতাপৰ বিষয়৷ অৱশ্যে কংগ্রেছৰ এনে নীৰৱতা এয়াই প্রথম নহয়৷ যোৱা বিধানসভা নির্বাচনৰ সময়তো এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলৰ পুত্র আব্দুৰ ৰহিম আজমলে ভৱানীপুৰৰ এখন নির্বাচনী সমাৱেশত ‘অসমত এইবাৰ দাড়ি–টুপী–লুঙিৱালাৰ চৰকাৰ হ’ব’ বুলি চৰম সাম্প্রদায়িক মন্তব্য কৰিছিল৷ তেতিয়াও কংগ্রেছ দল নীৰৱে আছিল৷

RELATED ARTICLES