peepl-small

আজমলৰ ওচৰত অসম বিক্রী নকৰে ৰাইজেঃ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটীঃ ৭৭নং বিহালী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পার্টীৰ প্রার্থী ৰঞ্জিত দত্তৰ হৈ নির্বাচনী প্রচাৰ চলাই ‘নেডা’ৰ আহ্বায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে এক বিশাল মটৰচাইকেল ৰেলীত অংশগ্রহণ কৰে৷ প্রার্থী ৰঞ্জিত দত্ত, সাংসদ পল্লৱলোচন দাস আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়সহ সহস্রাধিক বাইক আৰোহীয়ে মন্ত্রী ড০ শর্মাক বেদেতী নাচবৰৰ পৰা আদৰি বটিয়ামাৰী, ৰাংচালি, জামুৱনি হৈ ১২ কিলোমিটাৰ পথ অতিক্রম কৰি বেঙাবাৰীত উপস্থিত হয়৷

তাতেই এখন বিশাল জনসভা সম্বোধন কৰি মন্ত্রী ড০ শর্মাই বিহালীবাসী ৰাইজৰ যি অভূতপূর্ব উপস্থিতি আৰু মটৰচাইকেল ৰেলীত অংশগ্রহণ কৰি আহি থকা মুহূর্তত প্রতিটো নামঘৰ, মন্দিৰ আদিত ৰাইজে যি সন্মান জনালে, তাৰ বাবে বিহালীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ বিহালীত এইবাৰ ৰঞ্জিত দত্ত ৭০ হাজাৰ ভোটত জয়যুক্ত হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– ইয়াত মহাজোঁটবন্ধনে কি জঁট লগাইছে ক’ব নোৱাৰোঁ৷ কিন্তু চি পি আই (এম এল) কি দল নাজানো৷ অসমত চি পি আই (এম এল) দলটো নাছিলেই৷ অসমত ই জানো ক’ৰ পৰা ওলাল? মইতো বুজিয়ে পোৱা নাই৷ আজি বিহালীত আহি প্রথম চি পি আই (এম এল) নামটো শুনিছোঁ৷

কংগ্রেছ–চি পি আই–চি পি আই (এম এল) এইবোৰ বদৰুদ্দিন আজমলৰ দালাল৷ এইবোৰে আজমলৰ ছুপাৰি লৈ বহি আছে৷ ৰাইজে বিহালীত পুনৰ বিজেপিৰ ধ্বজা উৰুওৱাটো নিশ্চিত৷ ভাষণত তেওঁ আৰু কয় যে ৰঞ্জিত দত্ত দলৰ এগৰাকী জ্যেষ্ঠ আৰু সন্মানীয় নেতা৷ পাঁচটা বছৰৰ ভিতৰত এটা বছৰ ‘কা’ আন্দোলন আৰু এটা বছৰ ক’ভিডতে গ’ল৷ কাম কৰাৰ বাবে সময় পালে মাত্র তিনিটা বছৰ৷ এই তিনিটা বছৰত বিহালীত দীনদয়াল বিজ্ঞান মহাবিদ্যালয়, স্বাধীনতা সংগ্রামী ছবিলাল উপাধ্যায়ৰ নামত অভিযান্ত্রিক কলেজ, চাহ বাগিচাসমূহত হাইস্কুলকে ধৰি উন্নয়নত কোনো স্থবিৰতা নোহোৱাকৈ আনকি ক’ভিডৰ ভয়াৱহ দিনবোৰতো চৰকাৰী চাকৰিয়ালে নিয়ম মতে দা–দৰমহা পাই থকাৰ ব্যৱস্থা কৰা হৈছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কার্যভাৰ গ্রহণ কৰাৰ সময়ত চাহ শ্রমিকৰ দৈনিক মজুৰি আছিল ৯৬ টকা৷ এতিয়া তাৰ পৰিমাণ ২১৮ টকালৈ বৃদ্ধি হৈছে৷ অৰুণোদয় আঁচনিত ২২ লাখ মহিলাই ৮৩০ টকাকৈ প্রতিমাহে লাভ কৰি আহিছে আৰু ৮ লাখ মহিলাক এই আঁচনিত অন্তর্ভুক্ত কৰা হ’ব৷ এই আঁচনিত প্রতিমাহে তিনি হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ বিজেপি চৰকাৰৰ দিনত অসমত ৪০ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে৷ মহিলাসকলক বিভিন্ন আঁচনিৰ জৰিয়তে সবলীকৰণ কৰা হৈছে৷ ভাষণত তেওঁ আৰু কয় যে এইবাৰ বিজেপি চৰকাৰ অহাৰ পাছত অহা ৫ বছৰত বিহালীত এক লাখ নিবনুৱা যুৱক–যুৱতীক চাকৰি আৰু বিহালীৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে ১০০ কোটি টকাৰ অনুদান আগবঢ়োৱা হ’ব৷ ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ বাবে সাৰ, কীটনাশক ঔষধ আদিৰ মূল্যত ৫০ শতাংশ ৰেহাই দিয়া হ’ব৷ বেদেতীত এখন মহাবিদ্যালয়ো স্থাপন কৰা হ’ব৷

RELATED ARTICLES