peepl-small

অসম আৰক্ষীৰ চাৰি বিষয়ালৈ গৃহমন্ত্রীৰ পদক

PUBLISHED:

দেশৰ মুঠ ১৫২জন আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ ‘তদন্তত উৎকৃষ্টতা’ৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীৰ পদক’৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে৷ বাছনিভুক্তসকলৰ ভিতৰত আছে অসম আৰক্ষীৰ চৰিজনকৈ বিষয়া৷

তেওঁলোক হ’ল– জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, উপ–আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শর্মা, পৰিদর্শক সুকুমাৰ সিন্হা আৰু উপ–আৰক্ষী পৰিদর্শক দীপাংকৰ গগৈ৷ উল্লেখ্য যে অপৰাধৰ উচ্চ মানসম্পন্ন তদন্ত আৰু তদন্তকাৰী বিষয়াৰ উৎকৃষ্টতাৰ স্বীকৃতি প্রদানৰ লক্ষ্যৰে ২০১৮ চনত উক্ত পদক প্রৱর্তন কৰা হৈছিল৷ চলিত বর্ষত এই পদকৰ বাবে বাছনিভুক্ত বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ আৰক্ষীৰ ১৫২ বিষয়াৰ ভিতৰত ২৮গৰাকী হ’ল মহিলা৷

RELATED ARTICLES