peepl-small

মাজনিশা অসমীয়াৰ বাসগৃহত অগ্ণিসংযোগ মিজো দুষ্কৃতিকাৰীৰ

PUBLISHED:

গুৱাহাটীঃ তিনি মাহ পাছত পুনৰ অসম–মিজোৰাম সীমান্তৰ হাইলাকান্দিৰ গল্লাছেৰাত মিজো দুষৃকতিকাৰীয়ে অসমৰ চাৰিটা বাসগৃহত অগ্ণিসংযোগৰ ঘটনাই সীমান্তৱর্তী এলেকাত আতংকময় পৰিৱেশ সৃষ্টি কৰিছে৷ গল্লাছেৰাৰ অসম আৰক্ষী বেটেলিয়ন শিবিৰৰ নাতিদূৰৈত শুকুৰবাৰে নিশা ১২ বজাত মিজো দুষৃকতিকাৰীয়ে আক্রমণ কৰি চাৰিটা বাসগৃহ জ্বলাই দিয়ে৷ ইয়াৰ ফলত হাইলাকান্দিৰ অসম–মিজোৰাম সীমান্ত উত্তপ্ত হৈ পৰিছে৷ অগ্ণিকাণ্ডত ক্ষতিগ্রস্ত হোৱা পৰিয়ালকেইটা হ’ল ছাইদুল হক, আলিম উদ্দিন, সায়ৰা বেগম আৰু মানিক উদ্দিন৷ অৱশ্যে ঘৰসমূহত কোনো নাছিল বাবে একো অঘটন সংঘটিত হোৱা নাই৷ যোৱা ফেব্রুৱাৰী মাহত মিজো দুষৃকতিকাৰীয়ে দক্ষিণ হাইলাকান্দিৰ মিজোৰাম সীমান্তৰ গল্লাছেৰা আৰু কচুৰতলত অসমৰ ভূমি দখল কৰিবলৈ চেষ্টা কৰিছিল৷

গল্লাছেৰা গাঁৱত সশস্ত্র মিজো দুর্বৃত্তই পৰিকল্পিতভাৱে আক্রমণ কৰি ২০ পৰিয়ালৰ ঘৰ–বাৰী জ্বলাই দিছিল৷ তদুপৰি মিজো দুর্বৃত্তৰ তাণ্ডৱত ৭০টা পৰিয়ালে প্রাণৰ মমতাত ঘৰ–বাৰী এৰি নিৰাপদ আশ্রয়স্থলীলৈ পলাই আহিছিল৷ পাছত দক্ষিণ হাইলাকান্দিৰ অসম–মিজোৰাম সীমান্তৰ উত্তেজনাময় পৰিস্থিতিৰ বুজ ল’বলৈ অসম আৰক্ষীৰ এ ডি জি পি সীমান্ত মুকেশ আগৰৱালা উপস্থিত হৈছিল৷ তেওঁ বিষয়টো পর্যবেক্ষণ কৰি নিৰাপত্তাৰ বাবে গল্লাছেৰা আৰু ভাইছেৰাত দুটা শিবিৰ স্থাপনৰ কথাও ঘোষণা কৰিছিল৷ পৰৱর্তী সময়ত উক্ত এলেকাত অসমৰ লোক ঘূৰি নোযোৱাত গল্লাছেৰাসহ কচুৰতল মিজোৰামৰ দখললৈ গুচি যায়৷

ইপিনে যোৱা দুদিন আগতে ঘুটঘুটি এলেকাত মিজো দুষৃকতিকাৰীয়ে অসমৰ মাটি দখল কৰি পথ আৰু গৃহ নির্মাণৰ চেষ্টা চলায়৷ ইয়াৰ পাছতেই হাইলাকান্দিৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ নেতৃত্বত এটা প্রতিনিধি দল সীমান্ত এলেকাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ কিন্তু ৰাতিৰ ভিতৰতে মিজো দুষৃকতিকাৰীয়ে ঘৰকেইটা জ্বলাই শক্তি প্রদর্শন কৰে৷ নিশা অগ্ণিসংযোগৰ খবৰ পোৱাৰ পাছত কালি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ গল্লাছেৰাত উপস্থিত হয়৷ তেওঁ স্থানীয় ৰাইজক নিৰাপত্তাৰ আশ্বাস দিয়ে যদিও এইপর্যন্ত উক্ত স্থানত অচলাৱস্থা বাহাল আছে৷

RELATED ARTICLES