peepl-small

ডিব্রুগড়ত কিডনী সৰবৰাহকাৰীৰ মাষ্টাৰ মাইণ্ড গিৰীন সোণোৱালক গ্রেপ্তাৰ

PUBLISHED:

অৱশেষত মানৱ দেহ সৰবৰাহকাৰী তথা কিডনীৰ চোৰাং বেহাৰ মাষ্টাৰ মাইণ্ড,বহু লোকক পংগু কৰা গিৰীন সোণোৱালক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ দীর্ঘদিন আত্মগোপন কৰি থকাৰ পাছত জিলাখনৰ টেঙাখাতৰ অভয়পুৰীয়াৰ পৰা মানৱ অংগ সৰবৰাহকাৰী গিৰীনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

ধনৰ প্রলোভন দি কৌশলেৰে দীর্ঘদিনৰ পৰা উজনিৰ দৰিদ্র শ্রেণীৰ জনসাধাৰণ তথা চাহ শ্রমিকৰ দেহৰ অংগ তথা কিডনীৰ চোৰাং ব্যৱসায়ৰ লগত জডিত মাষ্টাৰ মাইণ্ড গিৰীন সোণোৱাল ওৰফে গৌতমক গ্রেপ্তাৰ কৰাৰ পাছত সর্বসাধাৰণ ৰাইজে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে৷ ডিব্রুগড়ৰ ঘোঁৰামৰা আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি কিডনীৰ দালাল তথা মাষ্টাৰ মাইণ্ড গিৰীন সোণোৱালসহ আন এজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত গিৰীন সোণোৱাল ওৰফে গৌতম সোণোৱাল আৰু সহযোগী সমৰ পালক ঘোঁৰামৰা আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি টেঙাখাত অঞ্চলৰ অভয়পুৰীয়াৰ পৰা গ্রেপ্তাৰ কৰে৷ ডিব্রুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অধীনৰ লেজাইৰ লালমাটি তিনিচুকীয়া গাঁৱৰ গিৰীন সোণোৱালে দীর্ঘদিন ডিব্রুগড় চহৰৰ নালিয়াপুলত এটা ভাৰাঘৰৰ পৰাই চলাই গৈছিল কিডনী বিক্রীৰ দৰে মানৱ অংগৰ সৰবৰাহৰ ভয়ংকৰ কাণ্ড৷ উজনিৰ বিভিন্ন ভিতৰুৱা অঞ্চল তথা চাহ বাগিচা অঞ্চলৰ নিৰীহ চাহ শ্রমিকক ধনৰ প্রলোভন দি গিৰীন সোণোৱালে সুদূৰ কলকাতালৈ নি উলিয়াই নিছিল ইজনৰ পাছত সিজন দৰিদ্র লোকৰ অমূল্য অংগ কিডনী৷

ইতিমধ্যে এই সন্দর্ভত ‘নিয়মীয়া বার্তা’ত ভালেসংখ্যক বাতৰি সবিস্তাৰে প্রকাশ হৈ গৈছে৷ ইজনৰ পাছত সিজনকৈ খাটি খোৱা, আর্থিকভাৱে সবল নোহোৱা লোকে এই গিৰীন সোণোৱালৰ দৰে দালালৰ পাকচক্রত পৰি নিজ কিডনী অনিচ্ছাকৃতভাৱে দিব লগাত পৰিছিল৷ পাছত একাধিক লোকে নিজ কিডনী হেৰুৱাই পংগু জীৱন আঁকোৱালি লোৱা ঘটনা ‘নিয়মীয়া বার্তা’ কাকতৰ জৰিয়তে পোহৰলৈ আহিছিল৷ কেৱল সিমানেই নহয়, কেইবাজনো দৰিদ্র লোকে কিডনী উলিয়াই নিয়াৰ বাবদ চুক্তি কৰা ধনো লাভ নকৰাৰ কথা ভুক্তভোগীয়ে অকপটে স্বীকাৰ কৰিছিল৷

অৱশেষত ঘোঁৰামৰা আৰক্ষীৰ জালত পৰিল এই ধুৰন্ধৰ গিৰীন সোণোৱাল৷ ধৃত গিৰীন সোণোৱালে বহু দিনৰ পৰাই সঘনাই নিজৰ স্থান সলাই আত্মগোপন কৰিছিল৷ অৱশেষত ডিব্রুগডৰ ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথৰ নেতৃত্বত এটা দলে অভিযান চলাই মানৱ অংগৰ সৰবৰাহকাৰী গিৰীন সোণোৱালৰ লগতে আন এজন দালাল সমৰ পালক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ডিব্রুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই সোমবাৰে সংবাদ মাধ্যমৰ আগত কয়– লাহোৱাল থানাত মানৱ অংগ সৰবৰাহৰ এটা ২১৩/২১ গোচৰ ৩৭০ ধাৰাৰ অধীনত পঞ্জীয়ন হৈছিল৷ নিজ কিডনী বিক্রী কৰা জিৎ বাউৰী আৰু ৰামু কর্মকাৰৰ অভিযোগৰ ভিত্তিত এই গোচৰ পঞ্জীয়ন হৈছিল৷ ঘটনাৰ লগত গিৰীন সোণোৱাল জড়িত থকাৰ অভিযোগত অভিযান চলোৱা হৈছিল যদিও সোণোৱালে আত্মগোপন কৰিছিল৷ অৱশেষত কালি নিশা গ্রেপ্তাৰ কৰা হয়৷ গিৰীন সোণোৱালৰ লগত বিপ্লৱ কোঁৱৰ ওৰফে ভাইটি জড়িত আছিল যদিও গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে অগ্রিম জামিন প্রদান কৰিছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই জানিবলৈ দিয়ে৷

অতিৰিক্ত আৰক্ষী অধীক্ষক চেতিয়াই জানিবলৈ দিয়া মতে ধৃত সোণোৱালে প্রথমে নিজৰ পৰিয়ালৰ লোকক কিডনী দি পৰৱর্তী সময়ত সমগ্র চক্রটোৰ সৈতে জড়িত হৈ ব্যৱসায় কৰিবলৈ ধৰে৷ কিছুদিন পূর্বে ডিব্রুগড়ৰ পৰা চাৰিগৰাকী লোকে কিডনী বিক্রী কৰিবলৈ যোৱাৰ খবৰ লাভ কৰে আৰক্ষীয়ে৷ তেওঁলোকক সোধা–পোছা কৰাত একে তথ্য প্রদান কৰে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক চেতিয়াই সদৰী কৰে৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭০ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে আৰক্ষীৰ উচিত তদন্ততহে পোহৰলৈ আহিব এই ভয়ংকৰ ঘটনাত আৰু কোন কোন ৰৌ–বৰালি জডিত আছে৷

RELATED ARTICLES