peepl-small

ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত, চলিব নৈশবাছ

PUBLISHED:

অহা ১ ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত৷ ইতিমধ্যে গুৱাহাটীক বাদ দি আন্তঃজিলা যাতায়াত খোলা হৈছে যদিও বাছ চলাচল বন্ধ হৈ আছে৷ অহা ১ ছেপ্টেম্বৰৰ পৰা বাছ–মটৰৰ চলাচল আৰম্ভ হোৱাৰ লগতে নৈশবাছো চলিব৷ এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ 

মঙলবাৰে খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই সম্পর্কত সংশ্লিষ্ট বিত্তীয় প্রতিষ্ঠানৰে হোৱা বুজাবুজিৰ চুক্তিৰ অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সান্ধ্য আইনৰ সময়ো হ্রাস কৰা হ’ব৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত পৰিবহণ খণ্ডৰ বাহিৰে বাকী সকলো খণ্ডৰে কাম–কাজ চলি আছে৷ অসম চৰকাৰৰ নীতি আছিল– অর্থনৈতিক অৱস্থা যাতে ক্ষতিগ্রস্ত নহয়৷ এই ক’ভিডৰ সময়ছোৱাত বাছ–মটৰৰ চলাচল বন্ধ থকাৰ ফলত ড্রাইভাৰ–হেণ্ডিমেনস ক্ষতিগ্রস্ত হয়৷ তাৰ বাবে চৰকাৰে তেওঁলোকক আর্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে৷ চাৰি–পাঁচ দিনত তেওঁলোকক ইয়াৰ বাবে আবেদন কৰাৰ ব্যৱস্থা কৰিব৷

তদুপৰি এইবাৰ ক’ভিডৰ সময়ছোৱাত ৰাজপথত ম’মো–চাওমিন বিক্রী কৰা ষ্ট্রীট ভেণ্ডৰসকলে দিনৰ ভাগত ব্যৱসায় চলায় যদিও সন্ধিয়াৰ ভাগতহে তেওঁলোকৰ ব্যৱসায় সাধাৰণতে চলে৷ কিন্তু সান্ধ্য আইনৰ বাবে তেওঁলোকে এইবাৰ ব্যৱসায় চলাব পৰা নাই৷

চৰকাৰে সেইসকল ষ্ট্রীট ভেণ্ডৰক সহায় কৰাৰ বাবে অচিৰেই আঁচনি এখন ঘোষণা কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷

ইফালে, সংবাদ মাধ্যমৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই তালিবানক লৈ সামাজিক মাধ্যমত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি দি কয় যে অসম হৈছে অতি স্পর্শকাতৰ ৰাজ্য৷ সেয়ে সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পৰা কোনোধৰণৰ পোষ্ট সামাজিক মাধ্যমত নিদিবলৈ তেওঁ সকলোৰে প্রতি আহ্বান জনাই কয় যে দেশৰ বাহিৰত সংঘটিত ঘটনাক লৈ কোনেও মন্তব্য কৰা উচিত নহয়৷ কিন্তু একাংশই চৰকাৰৰ তেনে আহ্বান শুনা নাই৷ সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰি পোষ্ট দিয়া একাংশক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ একাংশক আৰক্ষীয়ে কাউন্সিলিং কৰি তেনে পোষ্ট ডিলিট কৰাই ঘৰলৈ যাবলৈ দিছে৷

RELATED ARTICLES