peepl-small

অক্টোবৰত অনুষ্ঠিত হ’ব সাধাৰণ টেট

PUBLISHED:

ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে শিক্ষা বিভাগে৷ শীঘ্রে বৃহৎসংখ্যক শিক্ষক পদত নিযুক্তিৰ লগতে অহা অক্টোবৰ মাহত বিভাগটোৱে অনুষ্ঠিত কৰিব সাধাৰণ টেট৷ মঙলবাৰে এখন সংবাদ মেলত এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ অসম সর্বশিক্ষা অভিযানৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদ মেলত তেওঁ কয়– ‘ৰাজ্য চৰকাৰে এক লাখ নিযুক্তিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ আমি এই প্রক্রিয়া আৰম্ভ কৰিবলৈ লৈছোঁ৷ প্রাথমিক শিক্ষাখণ্ডত ১০ হাজাৰ খালী পদ আৰু মাধ্যমিক শিক্ষাখণ্ডত ১২,৯২১টা খালী পদ পূৰণৰ বাবে কেবিনেটে অনুমতি দিছে৷ এই নিযুক্তি প্রক্রিয়াৰ কাম ইতিমধ্যে আৰম্ভ হৈছে৷ ২০২০ চনত ক’ভিডৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলেও অহা অক্টোবৰত সাধাৰণ টেট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ ইয়াৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈছে৷’

ইফালে, ডি এল এড অথবা বি এডৰ চূড়ান্ত বর্ষৰ শিক্ষার্থীসকলেও এই সাধাৰণ টেটত অৱতীর্ণ হ’ব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষকৰ নিযুক্তিৰ বাবে অন্যান্য অর্হতাৰ লগতে ডি এল এড আৰু বি এড ডিগ্রী থকাটো বাধ্যতামূলক৷ ৰাজ্যত ডি এল এড অথবা বি এডৰ চূড়ান্ত বর্ষত অধ্যয়ন কৰি থকা অথবা চূড়ান্ত পৰীক্ষাৰ বাবে এডমিট কার্ড লাভ কৰা শিক্ষার্থীসকলেও সাধাৰণ টেটৰ বাবে আবেদন কৰিব পাৰিব৷

আনহাতে চি টেট উত্তীর্ণ প্রার্থীসকলক ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া সাধাৰণ টেটত অৱতীর্ণ হ’বলৈ আহ্বান জনাই শিক্ষামন্ত্রীগৰাকীয়ে কয়– ৰাজ্য চৰকাৰৰ অধীনত থকা শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্রত সঠিক নিয়োগ কর্তৃপক্ষ হৈছে অসম চৰকাৰ৷ সেয়েহে সকলোৰে বাবে আগন্তুক টেট মুকলি থাকিব৷ চি টেট উত্তীর্ণ প্রার্থীসকলো ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা টেটত অৱতীর্ণ হওক৷’

আনহাতে বর্তমান চৰকাৰখনে অহা ২০ আগষ্টত সম্পূর্ণ কৰিব এশটা দিন৷ এই উপলক্ষে সেইদিনা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত মুঠ ৫৪৭গৰাকী শিক্ষক আৰু চতুর্থবর্গৰ কর্মচাৰীক নিযুক্তি পত্র বিতৰণ কৰা হ’ব বুলি সদৰী কৰি তেওঁ কয়– ‘অহা ২০ আগষ্টত আমাৰ চৰকাৰে এশ দিন সম্পূর্ণ কৰিব৷ সেইদিনাই ১ লাখ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হ’ব৷ ইয়াৰ অংশ হিচাপে উচ্চ শিক্ষাৰ অধীনত ১১৩গৰাকী সহঃ অধ্যাপকৰ নিযুক্তি পত্র বিতৰণ কৰাৰ লগতে ৪২৭গৰাকী শিক্ষক আৰু চতুর্থ শ্রেণীৰ অনুকম্পামূলক নিযুক্তি প্রদান কৰা হ’ব৷’

RELATED ARTICLES