বৰ্ণমালাৰে আৰম্ভ হোৱা জীৱনৰ পাঠশালাত বর্ণ শিক্ষণ কার্যত প্রতিগৰাকী ছাত্র–ছাত্রীকেই হাতত তুলি দিয়া হয় লেখন সামগ্রী৷ এই লেখন সামগ্রী ধৰিবলৈ তথা জীৱনৰ পাঠশালাত ভেটি সুদৃঢ় কৰিবলৈ প্রতিগৰাকী পিতৃ–মাতৃয়ে সন্তানৰ সোঁহাতখনকেই অগ্রাধিকাৰ দিয়া দেখা যায়৷ হাতে হাত ধৰি স্বৰবর্ণ, ব্যঞ্জন বর্ণ তথা Alphabet শিকাই শিকাই আগবঢ়াই দিয়ে পাঠশালাৰ মজিয়ালৈ৷ সেই মজিয়াৰ পৰাই প্রতিগৰাকী সন্তানে ক্রমশঃ বাট বুলে জীৱনৰ বাটত৷
ইচ্ছা অনুযায়ীয়েই সন্তান নহয় বাঁওহতীয়া কিম্বা সোঁহতীয়া৷ কৰো বুলিয়েই কৰা কিম্বা হওঁ বুলিয়েই হোৱা কথাও নহয় এয়া৷ এয়া হ’ পাৰে বংশগত কিম্বা পৰিৱেশগত কিম্বা শাৰীৰিকভাৱে পোৱা সুযোগসন্ধানী ৰূপ৷ শৰীৰটোৱে সহজভাৱে নিজকে প্রকাশ কৰিবলৈ সোঁ দিশক প্রাধান্য দিব নে বাঁও দিশক প্রাধান্য দিব, এই লৈ শৰীৰ হৈ পৰে উদ্বাউল৷ পশ্চিমীয়া দেশত ৮৫ শতাংশৰ পৰা ৯০ শতাংশলৈকে লোকেই সোঁহতীয়া হোৱাৰ বিপৰীতে ১০ শতাংশৰ পৰা ১৫ শতাংশলৈ পোৱা যায় বাঁওহতীয়া লোক৷ মাতৃগর্ভত সন্তান থিতাপি লোৱাৰ পিছৰে পৰা অর্থাৎ শাৰীৰিক অংগ–প্রত্যংগ বিকাশৰে পৰা সোঁহাত কিম্বা বাঁও হাতৰ প্রৱণতাই অধিক গাঢ় ৰূপ লয়৷ সোঁ আৰু বাঁও শীর্ষক দুই অর্ধ গোলকেৰে আবৃত হয় মানৱ শৰীৰৰ মগজু৷ সোঁ অর্ধ গোলকে নিয়ন্ত্রণ কৰে শৰীৰৰ বাঁও অংশক আৰু বাঁও অর্ধ গোলকে নিয়ন্ত্রণ কৰে শৰীৰৰ সোঁ অংশক৷ হয়তো শৰীৰ পৰিচালনাত মগজুৰ এই নিয়ন্ত্রণতো বাঁও অংশই পাব পাৰে অধিক প্রাধান্য৷
সমাজত সোঁহতীয়া মানুহৰ প্রভাৱ দৰাচলতে েবছি দেখা যায় যদিও বাঁওহতীয়া লোকৰ সংখ্যাও কোনো গুণে কম দেখা নাযায়৷ এই বাঁওহতীয়া লোকৰ যোগাত্মক চিন্তা–চর্চাৰ গঠনমূলক উদ্দেশ্য আগত ৰাখিয়েই প্রত্বিছৰে ১৩ আগষ্টৰ দিনটো ‘বিশ্ব বাঁওহতীয়া দিৱস’ হিচাপে উদ্যাপন কৰি অহা হৈছে৷ ১৯৯০ চনৰ আজিৰ দিনটোতেই প্রথমবাৰৰ বাবে ‘বিশ্ব বাঁওহতীয়া দিৱস’ উদ্যাপন কৰা হৈছিল৷
১৯৭৬ চনত গ্রেট ব্রিটেইনত প্রথমবাৰৰ বাবে বাঁওহতীয়া লোকসকলক একত্রিত কৰাৰ উদ্দেশ্যে এক সংগঠনৰ জন্ম হৈছিল৷ বিশ্ব বাঁওহতীয়া সংগঠনৰ মূল হোতা আছিল ডীন আৰ কেম্পবেল Dean R. Campbell)৷ সমাজত সজাগতা সৃষ্টিৰ হকেই গঠন হৈছিল বিশ্ব বাঁওহতীয়া সংগঠন৷ সোঁহতীয়াৰ পৃথিৱীত বাঁওহতীয়াৰ সপক্ষে সজাগতা বৃদ্ধিয়েই আছিল বিশ্ব বাঁওহতীয়া সংগঠনৰ প্রধান উদ্দেশ্য৷
বিশ্বৰ মুঠ জনসংখ্যাৰ সাতৰ পৰা দহ শতাংশ হ’ল বাঁওহতীয়া লোক৷ বর্তমান বিশ্বৰ ৭০৮ মিলিয়ন লোক বাঁওহতীয়া বুলি তথ্য পোৱা যায়৷ ইয়াৰ বিপৰীতে ভাৰত্বর্ষৰ মুঠ জনসংখ্যাৰ বাৰ শতাংশ হ’ল বাঁওহতীয়া লোক৷ পৰিসংখ্যাগত হিচাপত বাঁওহতীয়া পুৰুষৰ তুলনাত বাঁওহতীয়া নাৰীৰ হাৰ কম দেখা যায়৷ সোঁহতীয়াৰ পৃথিৱীত বাঁওহতীয়াই সন্মুখীন হ’ পৰা প্রত্যাহ্বব্দান সম্পর্কে গঠনমূলক আলোচনা তথা সজাগতা বৃদ্ধি কৰাই এই দিৱস উদ্যাপনৰ প্রধান উদ্দেশ্য৷
ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে পোৱা যায় অনেক বাঁওহতীয়া নমস্য বিশিষ্ট ব্যক্তিৰ বিশেষ গাথা৷ বিখ্যাত চিত্রশিল্পী লিওনার্ডো ডা ভিন্সি, গ্রীক দার্শনিক এৰিষ্ট’টল, নেপোলিয়ন েবানাপার্ট, জুলিয়াছ ছিজাৰ, এলবার্ট আইনষ্টাইন, মেৰী কিউৰি, মহান অভিনেতা চার্লি চেপলিন আদিকে ধৰি বর্তমান সময়ৰ অদমনীয় ব্যক্তিত্ব বিল গেটছ, ষ্টিভ জ্বছ, মার্ক জুকাৰবার্গ, বাৰাক অ’ামা, লেডী গাগা আদি বিশিষ্ট ব্যক্তিসকলে বাঁওহতীয়া হৈয়েই জিলিকি আছে এই ভূখণ্ডত৷ ভাৰত ভূমিলৈ চালেও দেখিবলৈ পোৱা যায় বহু নমস্য বাঁওহতীয়া ব্যক্তি৷ শান্তিৰ নোবেল বঁটা প্রাপক মাদাৰ টেৰেছা, বিশিষ্ট অভিনেতা অমিতাভ বচ্চন, উদ্যোগপতি ৰতন টাটা, বিশিষ্ট অভিনেতা ৰজনীকান্ত, বিশিষ্ট ক্রিকেটাৰ শচীন টেণ্ডুলকাৰ, বক্সাৰ মেৰীকমো বাঁওহতীয়া হৈয়েই জিলিকি উঠিছে ধৰাৰ বুকুত আৰু গৌৰৱান্বিত কৰিছে দেশমাতৃক৷ আমাৰ বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীও বাঁওহতীয়া লোক৷
প্রিয় পাঠক, এই যে হাতে হাত ধৰি পিতৃ–মাতৃয়ে সন্তানৰ সোঁহাতখনত লেখন সামগ্রী গুজি দিয়ে, ঠিক সেই সময়তেই ব্যতিক্রমী হৈ ধৰা দিয়ে কোনো কোনো সন্তান৷ কিয়নো পিতৃ–মাতৃৰ আগ্রহী মনোভাবৰ বিপৰীতে কোনো কোনো সন্তান স্বতঃস্ফূর্তভাৱেই অপাৰগ হৈ পৰে সোঁহাতেৰে লেখন সামগ্রী তুলি ধৰিবলৈ৷ ইয়াৰ বিপৰীতে ব্যতিক্রমী সেই সন্তানে অধিক প্রাধান্য দি ভাল পায় কিম্বা সহজ অনুভৱ কৰে বাঁওহাতখন ব্যৱহাৰ কৰিবলৈ৷ ব্যতিক্রমী সন্তানৰ হাতে হাত ধৰিয়েই পিতৃ–মাতৃয়ে আগুৱাই ন্বি পাৰে সন্তান৷ সেয়ে কোনো পৰিয়ালত কোনো ল’ৰা–ছোৱালীয়ে যদিহে বাঁওহাতেৰে লিখিবলৈ লয়–আঁকিবলৈ লয়, তেন্তে শংকা–ভয়–চিন্তা দূৰ কৰি মুকলি মনেৰে অনুপ্রেৰণা যোগাই আগবঢ়াই দিয়ক ভৱিষ্যতৰ বাটত বাট বুলিবলৈ৷ অন্তঃকৰণেৰে সমূলঞ্চে পৰিহাৰ কৰক নাপায়–েবয়া েবালা কথাবোৰ৷ যি কথা–কামে হেঙাৰ সৃষ্টি কৰিব পাৰে বাঁওহতীয়া সন্তানৰ ভৱিষ্যত জীৱন গঢ়াত৷
মই নিজেই এগৰাকী বাঁওহতীয়া৷ বাঁওহতীয়া হৈ পৰিয়ালত কোনো বাধাৰ সন্মুখীন হোৱা নাই যদিও কেতিয়াবা সমাজত সন্মুখীন হওঁ কিছু আচহুৱা পৰিৱেশ–পৰিস্থিতিৰ৷ যি পৰিৱেশ–পৰিস্থিতিয়ে কিছু হ’লেও প্রশ্ণ তুলি ধৰে৷ যি কথা কোনোপধ্যে উলাই কৰিব পৰা পর্যায়ৰ নহয়৷ তথাপিও নিজকে নিজে অধিক গৌৰৱান্বিতহে অনুভৱ কৰোঁ বাঁওহতীয়া ৰূপে আগবাঢ়ি৷ জীৱনৰ বাটত বাট বুলি যদি কিছু মৰম–কিছু আদৰ–সাদৰ পাইছোঁ তাৰ মূলতেই কিন্তু এই বাঁওহাতখন৷ বাঁওহাতখনেৰেই স্বকীয় ৰূপ লৈ জীৱন বুটলিছোঁ আৰু বাঁওহাতকে আর্শীবাদ ৰূপে গণ্য কৰি আগবাঢ়ি আছোঁ জীৱনৰ পাঠশালাত৷