peepl-small

লাখটকীয়াত হেৰ’ইন–টকাসহ দুজনক গ্রেপ্তাৰ

PUBLISHED:

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ৰাজ্যজুৰি বৰবিহ ড্রাগ্ছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষীয়েও ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে৷

বুধবাৰে পাণবজাৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত লাখটকীয়াৰ এছ এছ ৰোডত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছ, হেৰ’ইনসহ এগৰাকী মহিলা আৰু এজন পুৰুষক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুজন ক্রমে মেহবুব আলী আৰু ৰংমলা বেগম৷ অভিযানকাৰী দলটোৱে দুই সৰবৰাহকাৰীৰ পৰা দুটা চাবোনৰ কেচত ভৰাই থোৱা বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে ১ লাখ টকা, ৯৯টা ড্রাগ্ছভর্তি কণ্টেইনাৰ, ৩০০টা খালী কণ্টেইনাৰ, তিনিটা ম’বাইল ফোন জব্দ কৰে৷ ঘটনা সন্দর্ভত পাণবজাৰ আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

RELATED ARTICLES