peepl-small

টৰেণ্টা ইণ্টাৰনেশ্যনেল উইমেন ফিল্ম ফেষ্টিভেলত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

PUBLISHED:

ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিপর্যস্ত কৰা অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাই । অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এই সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৷ ডিমাচা ভাষাৰ ‘ছেমখৰ’ নামৰ ছবিখৰ বাবে আইমীয়ে এই সন্মান লাভ কৰিছে।

আইমীয়ে এই সন্দৰ্ভত কয় যে প্ৰত্যক গৰাকী অভিনেত্ৰীৰ সপোনৰ দৰে মোৰো এটা সপোন পূৰণ দিঠকত পৰিণত হৈছে। মই পৰিচালনা কৰা ছবিখনৰ বাবে বিশ্বৰ আগশাৰীৰ চলচ্চিত্ৰ ফেষ্টিভেলত এনে দৰে সন্মান লাভ কৰাৰ বাবে মই সুখী। প্ৰায় ২০১৭ চনৰ পৰা পৰিকল্পনা কৰা এক সপোন আছিল ‘ছেমখৰ’।

Also Read: অসম আৰক্ষীৰ চাৰি বিষয়ালৈ গৃহমন্ত্রীৰ পদক

উল্লেখ্য যে টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত ছবিখনে আঁজুৰি আনিবলৈ সক্ষম হৈছিল তিনিটাকৈ সন্মান৷

প্রথমবাৰলৈ আইমী বৰুৱাই নির্মাণ কৰা এই ছবিখনে সর্বশ্রেষ্ঠ বর্ণনামূলক ছবি, সর্বশ্রেষ্ঠ নাৰী বিষয়ক ছবি আৰু শ্রেষ্ঠ নৱাগত ছবি নির্মাতাৰ সন্মান লাভ কৰিছিল৷

উল্লেখ্য যে ডিমাচা লোকসকলৰ জীৱনশৈলীৰ ওপৰত ভিত্তি কৰি এই ছবিখন তেওঁ নির্মাণ কৰিছে৷ এই ছবিখনৰ মুখ্য ভূমিকাত নিজেই অভিনয় কৰিছে নির্মাতা আইমী বৰুৱাই৷

Also Read: অসমত মূৰত ৰঙা ফোঁট থকা প্রজাতিৰ সাপ আৱিষ্কাৰ বিজ্ঞানীৰ

RELATED ARTICLES