peepl-small

অসমত মূৰত ৰঙা ফোঁট থকা প্রজাতিৰ সাপ আৱিষ্কাৰ বিজ্ঞানীৰ

PUBLISHED:

অসমত মূৰৰ তলত ৰঙা ফোঁট থকা নতুন প্রজাতিৰ সাপ আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে৷ ভাৰত, গ্রেট ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ এটা বিজ্ঞানীৰ দলে প্রথমবাৰৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসমত মূৰৰ তলত ৰঙা ফোঁট থকা নতুন প্রজাতিৰ সাপ আৱিষ্কাৰ কৰিছে৷ এই ৰঙা ফোঁটটো ভাৰতীয় মহিলাই কপালত লোৱা ৰঙা ফোঁটৰ দৰে৷

ৱাইল্ড ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ অভিজিত দাসে প্রকাশ কৰা মতে, অসমৰ কাছাৰ জিলাৰ বৰাইল পাহাৰ অঞ্চলত চলোৱা জৰীপৰ সমীপত ২০০৭ চনত প্রথমে এই সাপৰ প্রজাতিটো আৱিষ্কাৰ কৰা হৈছিল৷ পৰৱর্তী সময়ত এনেধৰণৰ ১০টা প্রজাতিৰ সাপ আৱিষ্কাৰ কৰা হৈছে৷

ভাৰতৰ ডেৰাডুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া, লণ্ডনৰ নেচাৰেল হিষ্টৰী মিউজিয়াম আৰু আমেৰিকাৰ অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দল এটাই নিউজিলেণ্ডৰ পৰা প্রকাশিত প্রাণী বিষয়ক জার্নেল জুটাকাত প্রকাশিত প্রতিবেদনত এই আৱিষ্কাৰৰ তথ্য প্রকাশ কৰিছে৷ বিজ্ঞানীৰ দলটোৱে সাপবিধৰ নাম ৰাখিছে ‘ৰেপড’ ফিছ বিন্দি’৷

উল্লেখ্য যে সাগৰ পৃষ্ঠৰ পৰা অতি নিম্ন স্থানত এই সাপবিধৰ বসতিস্থল৷ এই প্রজাতিৰ ২৭বিধ সাপ দক্ষিণ–পূব আৰু দক্ষিণ–পূব এছিয়াত পোৱা যায়৷ অসমত আৱিষ্কাৰ হোৱা এই সাপবিধ শতিকাটোৰ ভিতৰত অন্যতম৷

RELATED ARTICLES