peepl-small

বিশ্ব যুৱ আর্চাৰী চেম্পিয়নশ্বিপঃ ভাৰতীয় দলত বোকাখাতৰ বিশাল চাংমাই

PUBLISHED:

গুৱাহাটীঃ আন্তঃৰাষ্ট্রীয় আর্চাৰী প্রতিযোগিতালৈ গোলাঘাটৰ একমাত্র খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰি বোকাখাতৰ লগতে অসমবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বোকাখাতৰ সুসন্তান বিশাল চাংমায়ে৷ ৯–১৫ আগষ্টলৈ পোলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ আর্চাৰী চেম্পিয়নশ্বিপলৈ নির্বাচিত বোকাখাতৰ বিশাল চাংমাই গোলাঘাটৰ একমাত্র আর্চাৰী খেলুৱৈ৷ যি বিশ্ব যুৱ আর্চাৰী চেম্পিয়নশ্বিপলৈ নির্বাচিত হৈছে৷ বোকাখাতৰ মিলনপুৰৰ শান্তনু চাংমাই আৰু মিণ্টু চাংমাইৰ পুত্র বিশাল বোকাখাত উচ্চতৰ মাধ্যমিকৰ ছাত্র৷ সৰুৰে পৰা আর্চাৰীৰ প্রতি আকর্ষিত বিশালে প্রাথমিক পর্যায়ত কোনো আনুষ্ঠানিক প্রশিক্ষক নোলোৱাকৈয়ে নিজেই আর্চাৰীৰ ক্ষেত্রত আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে বিশালৰ পিতৃ শান্তনু চাংমায়ে৷ সম্প্রতি হাৰিয়ানাত প্রশিক্ষণৰত বিশালৰ এই সাফল্যত অধ্যয়নৰত বিদ্যালয়খনৰ শিক্ষক, ছাত্র–ছাত্রী উৎফুল্লিত হৈ পৰিছে৷

বিশালে ২০১৩ চনৰ পৰা আন্তঃজিলা প্রতিযোগিতাত বিশেষ সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ২০১৬–১৭ বর্ষত কোকৰাঝাৰৰ গোসাঁইগাঁৱত অনুষ্ঠিত আন্তঃজিলা প্রতিযোগিতাৰ ২০ মিটাৰ আৰু অলিম্পিক শাখাত স্বর্ণপদক লাভ কৰাৰ লগতে ৰাষ্ট্রীয় পর্যায়ত ২০১৬–১৭ চনত মধ্যপ্রদেশ আৰু অন্ধ্রপ্রদেশত অনুষ্ঠিত ৰাষ্ট্রীয় স্কুল গেমছত ৰূপ আৰু ব্রঞ্জৰ পদক অর্জন কৰিছিল৷ আনহাতে, আন্তঃৰাষ্ট্রীয় পর্যায়ত বাংলাদেশৰ ঢ়াকাত ২০১৯ চনত অনুষ্ঠিত আর্চাৰী প্রতিযোগিতাৰ ব্যক্তিগত শাখাৰ লগতে দলীয় শাখাতো ব্রঞ্জৰ পদক লাভ কৰিছিল৷ ২০১৯ চনত স্পেইনৰ মাদ্রিদত অনুষ্ঠিত বিশ্ব যুৱ আর্চাৰী চেম্পিয়নশ্বিপত ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰিছিল বিশালে৷ পোলেণ্ডত হ’বলগীয়া বিশ্ব যুৱ আর্চাৰী চেম্পিয়নশ্বিপত বিশালে ভাৰত তথা ৰাজ্যখনলৈ পদক কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰিছে বোকাখাতৰ লগতে সমগ্র অসমবাসীয়ে৷

RELATED ARTICLES