গুৱাহাটীঃ গণশিল্পী খগেন মহন্ত, স্বাধীনতা সংগ্ৰামী, প্ৰসিদ্ধ সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মধৰ চলিহা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ মৃত্যুবাৰ্ষিকীত তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
২০১৪ চনৰ ১২ জুনত অসমৰ সংগীত জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা স্বনামধন্য শিল্পী খগেন মহন্তৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে টুইটাৰত এনেদৰে উল্লেখ কৰে — “গণশিল্পী খগেন মহন্তদেৱৰ মৃত্যুবাৰ্ষিকীত শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। প্ৰায় পাঁচটা দশক ধৰি অমিয়া কণ্ঠেৰে অসমৰ লোক সংগীতৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি যোৱা শিল্পীগৰাকীৰ চিৰযুগমীয়া গীতসমূহে যুগে যুগে উদ্বুদ্ধ কৰি যাব প্ৰতিগৰাকী অসমীয়াক ।”
গণশিল্পী খগেন মহন্তদেৱৰ মৃত্যুবাৰ্ষিকীত শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। প্ৰায় পাঁচটা দশক ধৰি অমিয়া কণ্ঠেৰে অসমৰ লোক সংগীতৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি যোৱা শিল্পীগৰাকীৰ চিৰযুগমীয়া গীতসমূহে যুগে যুগে উদ্বুদ্ধ কৰি যাব প্ৰতিগৰাকী অসমীয়াক । pic.twitter.com/IiVqbFXZVm
— Himanta Biswa Sarma (@himantabiswa) June 12, 2021
১৯৬৯ চনত প্ৰয়াণ ঘটা পদ্মধৰ চলিহাৰ সাহিত্য জগতলৈ অতুলনীয় অৱদান অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব বুলি মুখ্যমন্ত্ৰীয়ে সুকীয়া টুইট এটাত উল্লেখ কৰে ৷
স্বাধীনতা সংগ্ৰামী, প্ৰসিদ্ধ সাহিত্যিক,শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মধৰ চলিহাদেৱৰ মৃত্যু বাৰ্ষিকীত তেখেতলৈ যাচিলোঁ সশ্ৰদ্ধ প্ৰণাম৷ সাহিত্য জগতলৈ এইগৰাকী বৰেণ্য ব্যক্তিৰ অতুলনীয় অৱদান অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব ৷ pic.twitter.com/I8Q0asrbjR
— Himanta Biswa Sarma (@himantabiswa) June 12, 2021
আনহাতে, ২০১৬ চনত ইহসংসাৰ ত্যাগ কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃত্বৰূপ অচ্যুত লহকৰলৈ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰীয়ে লিখে — “অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰদেৱৰ মৃত্যুবাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰিলোঁ । ‘মঞ্চ প্ৰভাকৰ’ হিচাপে খ্যাত এইগৰাকী মহীৰূহে ভ্ৰাম্যমাণ নাট্য জগতখনলৈ আগবঢ়োৱা অৱদান অসমৰ বাবে এক অমূল্য সম্পদ।”
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰদেৱৰ মৃত্যুবাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰিলোঁ । ‘মঞ্চ প্ৰভাকৰ’ হিচাপে খ্যাত এইগৰাকী মহীৰূহে ভ্ৰাম্যমাণ নাট্য জগতখনলৈ আগবঢ়োৱা অৱদান অসমৰ বাবে এক অমূল্য সম্পদ। pic.twitter.com/oYuu1eTryq
— Himanta Biswa Sarma (@himantabiswa) June 12, 2021