peepl-small

কাছাৰৰ লক্ষীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত ৫ কলেজীয়া ছাত্ৰ

PUBLISHED:

গুৱাহাটী : কাছাৰ জিলাৰ কাটিগড়াৰ ৬নং ৰাষ্ট্রীয় ঘাইপথৰ কালাইন–লক্ষীপুৰত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ দুর্ঘটনা৷

দিনৰ প্রায় দুই বজাত এখন মালবাহী ট্রাকৰে এল্ট’ বাহন এখনৰ মুখামুখি সংঘর্ষৰ ফলত বদৰপুৰৰ নবীন চন্দ্র মহাবিদ্যালয়ৰ পাঁচজন ছাত্রৰ মৃত্যু হয়৷ ইয়াৰে চাৰিজনৰ থিতাতে প্রাণহানি ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত এজনৰ শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱাৰ পথত মৃত্যু হয়৷

ট্রাকখনৰ খুন্দাত এল্ট’ গাড়ীখন বিধ্বস্ত হৈ খালত পৰে৷ বাহনখনত থকা তিনিজন ছাত্র ঘাইপথত লুটি খাই পৰে৷ আন দুজন ছাত্রক বাহনখনৰ ভিতৰৰ পৰা উলিওৱা হয়৷ জানিব পৰা মতে, মৃত্যু হোৱা ছাত্রকেইজনৰ নাম হ’ল– মঞ্জুৰ আহমেদ, চলমন চৌধুৰী, আৰৰফ আহমেদ লস্কৰ, জাফৰ আহমেদ আৰু গোবিন্দ বৈষ্ণৱ৷

তেওঁলোক কাটিগড়া সমষ্টিৰ গুমৰা–জালালপুৰৰ বাসিন্দা৷ বিজ্ঞান স্নাতক শাখাৰ প্রথম ষাণ্মাসিকৰ ছাত্রকেইজনে মর্নিং ক্লাছ কৰি দুর্ঘটনাত পতিত বাহনখনেৰে বদৰপুৰৰ পৰা গুমৰালৈ গৈ থকাৰ সময়তে দুর্ঘটনাটো সংঘটিত হয়৷ দুর্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ ইপিনে দুর্ঘটনাৰ খবৰ পোৱাৰ পাছত কাটিগড়াৰ বিধায়ক অমৰ চান্দ জৈন ঘটনাস্থলীত উপস্থিত হয় যদিও উত্তেজিত

ৰাইজে তেওঁক পহুখেদা দিয়ে৷ ৰাইজৰ পথ অৱৰোধৰ ফলত ব্যস্ততম ৰাষ্ট্রীয় ঘাইপথৰ দুয়োপিনে ব্যাপক যান–জঁট সৃষ্টি হয়৷

মুখ্যমন্ত্রীৰ গভীৰ শোক প্রকাশ

কাছাৰ জিলাত সংঘটিত পথ দুর্ঘটনাত ৫জনকৈ ছাত্র নিহত হ’বলগীয়া হোৱা ঘটনাত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি এক বিবৃতিত মুখ্যমন্ত্রী সোণোৱালে এই ঘটনা অত্যন্ত দুখদায়ক আৰু মর্মান্তিক বুলি কয়৷ মুখ্যমন্ত্রী সোণোৱালে নিহত ছাত্রকেইজনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবর্গকো সমাবেদনা জ্ঞাপন কৰে৷

RELATED ARTICLES