peepl-small

গোলাঘাটত সন্ধান ওলাল ৩০০-৪০০ বছৰ পুৰণি নাও

PUBLISHED:

গুৱাহাটীঃ   গোলাঘাটত পোৱা গৈছে এক বিৰল প্ৰত্নতাত্ত্বিক সম্পদ।নদীত পোঁত গৈ থকা অৱস্থাত পোৱা গৈছে ৩ ৰ পৰা ৪ দশক পুৰণি ৫০ ফুট দৈৰ্ঘ্যৰ এখনি নাওঁ। গোলাঘাটৰ ৰঙাজান গ্ৰান্টস্থিত শালমৰাটোপ গাঁৱত উদ্ধাৰ নাওঁখন।ধনশিৰি নদীৰ বুকুত পোঁত গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনক অৱগত কৰে নাওঁখনৰ বিষয়ে। আজি পুৱাই সেই স্থানত গোলাঘাট জিলা প্ৰশাসন, প্ৰত্নতাত্বিক বিভাগৰ লোক, SDRF বাহিনী আৰু বিধায়ক মৃণাল শ‌ইকীয়া উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।

বৰ্তমান খন উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও SDRF আৰু প্ৰত্নতাত্বিক বিভাগৰ লোকে অব্যাহত ৰাখিছে প্ৰচেষ্টা।পিছে নাওঁখনৰ এটি ভগ্নাৱশেষ এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। দুখনকৈ হাইড্ৰ বাহন প্ৰয়োগৰ ব্যৱস্থা কৰা হৈছিল যদিও বৰষুণৰ ফলত আজি বাতিল কৰে উদ্ধাৰ অভিযান ।

RELATED ARTICLES