peepl-small

এক সার্থক ৰূপান্তৰৰ বীজ ৰোপণ কৰা হৈছে

PUBLISHED:

  • প্রধানমন্ত্রীৰ আদর্শত ৰাজ্যখনত জনকেন্দ্রিক প্রশাসনৰ বুনিয়াদ গঢ়াৰ দিশত অগ্রসৰ হৈছোঁ৷
  • স্বাস্থ্যকর্মীৰ অক্লান্ত চেষ্টাত ক’ভিড আক্রান্তৰ হাৰ ৯.১৩ৰ পৰা ০.৭৩ শতাংশলৈ হ্রাস হৈছে৷
  • আমি কঠোৰ হাতেৰে ড্রাগ্ছৰ সৰবৰাহ দমন কৰি এখন ড্রাগ্ছমুক্ত অসম প্রতিষ্ঠা কৰিম৷
  • নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি অসম গো–সুৰক্ষা বিধেয়ক গৃহীত হৈছে৷
  • অৰুণোদয় আঁচনিৰ ধন প্রতিমাহে ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি৷
  • চাহ বাগিচাৰ শ্রমিকৰ মজুৰি বঢ়োৱা হৈছে ২০৫ টকালৈ৷
  • অহা ৫ বছৰক এক সোণালী অধ্যায়ত পৰিণত কৰাৰ বাবে অর্থৱহ ৰূপান্তৰ সাধনৰ বুনিয়াদ স্থাপন কৰা হৈছে৷

জনতাৰ শুভাশিস আৰু আশীর্বাদ লাভ কৰি আজিৰ পৰা ১০০ দিন পূর্বে আমাৰ নতুন চৰকাৰখনে শপতগ্রহণ কৰিছিল৷ এটা অর্থৱহ ৰূপান্তৰৰ স্বপ্ন বুকুত বান্ধি আমি আমাৰ যাত্রা আৰম্ভ কৰিছিলোঁ৷ এই স্বপ্ন বাস্তৱায়িত কৰাৰ দিশত ১০০টা দিন বৰ বেছি সময় নহয়, বিশেষকৈ যেতিয়া আমি প্রশাসনিক ক্ষেত্রখনৰ প্রসংগ উল্লেখ কৰোঁ৷ তথাপি এটা সার্থক ৰূপান্তৰৰ বীজ ৰোপণ কৰা হৈছে আৰু আগন্তুক সময়ছোৱাত যে সি ফলে–ফুলে জাতিষ্কাৰ হ’ব, তাৰ আগজাননী হতিমধ্যে পোৱা গৈছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ দ্বাৰা ঘোষিত আদর্শ ‘সবকা সাথ, সবকা বিকাশ ঔৰ সবকা প্রয়াস’ৰ আধাৰত আমি হতিমধ্যে ৰাজ্যখনত এটা জনকেন্দ্রিক প্রশাসনৰ বুনিয়াদ গঢ়াৰ দিশে অগ্রসৰ হৈছোঁ৷ নাগৰিকৰ সৈতে অহৰহ সম্পর্ক ৰক্ষা কৰাটো জনংশীদাৰী প্রশাসনৰ এক অপৰিহার্য উপাদান৷ এনে জনংশীদাৰিত্বৰ প্রকৃষ্ট নিদর্শন হৈছে চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি জনাহ ৰেচন কার্ডৰ ক্ষেত্রত আর্থিকভাৱে সচ্ছল নাগৰিকসকলে দেখুওৱা ত্যাগৰ মনোভাব৷

ক’ভিডৰ ২য় ঢ়ৌৱে ৰাজ্যখনত সংহাৰ সৃষ্টি কৰাৰ সময়তে আমাৰ চৰকাৰে ৰাজ্যখনৰ শাসনভাৰ গ্রহণ কৰিছিল৷ সেহবাবে ক’ভিড–১৯ৰ বর্ধিত প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰাটোতেহ চৰকাৰখনে প্রাথমিকতা প্রদান কৰিছিল৷ তাৰ বাবে মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ সামগ্রিক মার্গদর্শনত টীম অসমে সমগ্র শক্তি নিৱিষ্ট কৰিছিল৷

এইক্ষেত্রত আমাৰ ৰণনীতি আছিল পৰীক্ষা, চিকিৎসা, সন্ধান আৰু টিকাকৰণ৷ হংৰাজীতtest, treat, trace and vaccinate. তদুপৰি বহু স্বাস্থ্য বিশেষজ্ঞহ আশংকা কৰা সম্ভাব্য ক’ভিড–১৯ৰ ৩য় ঢ়ৌৰ ক্ষয়–ক্ষতিৰ পৰিমাণ নূ্যনতম কৰিবলৈকো যথাযথ প্রস্তুতি আৰম্ভ কৰি সম্পন্ন কৰা হৈছে৷ আমাৰ ক’ভিড যোদ্ধাসকলে সমুখসমৰত নেতৃত্ব প্রদান কৰিছে আৰু মহামাৰীৰ বিৰুদ্ধে এহ যুদ্ধত অসমক বিজয়ী কৰিবলৈ উঠিপৰি লাগিছে৷

আমাৰ স্বাস্থ্যকর্মীসকলৰ অক্লান্ত চেষ্টাৰ ফলস্বৰূপে আমি ক’ভিড আক্রান্তৰ হাৰ ৯.১৩ শতাংশৰ পৰা ০.৭৩ শতাংলৈ হ্রাস কৰিবলৈ সক্ষম হ’লোঁ, ১৩.৫৬ মেড্রিক টন অক্সিজেন গেছ উৎপাদনক্ষম গোট স্থাপন কৰিব পৰা গ’ল, ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়কেহখন্ আহ চি হউৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰি ইয়াৰ সংখ্যা ৭৯৩ৰ পৰা ১,৩০৮ কৰা হ’ল আৰু বর্তমানলৈ ১ কোটি ৪৮ লাখ লোকৰ টিকাকৰণ সম্পূর্ণ কৰা হ’ল৷

ক’ভিড–১৯এ আমাৰ বাবে দি থৈ যাব পৰা দীর্ঘকালীন ক্ষয়–ক্ষতিবোৰ আমি চিনাক্ত কৰিছোঁ৷ বিশেষকৈ মহামাৰীত পিতৃ–মাতৃ দুয়োকো হেৰুওৱা সন্তানসকলে সন্মুখীন হোৱা অপূৰণীয় ক্ষতিৰ কথা আমি অনুধাৱন কৰিছোঁ৷ এহক্ষেত্রত মুখ্যমন্ত্রীৰ শিশুসেৱা আঁচনিখন ঘোষণা কৰি তেনে শিশুক ২৪ বছৰ বয়সলৈকে মাহেকীয়া ভৰণ–পোষণ দিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ ক’ভিডক জয় কৰাৰ আমাৰ প্রয়াসৰ উপৰি এহ ১০০ দিনত আমাৰ সমাজখনক গ্রাস কৰা, আমাৰ সভ্যতা–সংস্কৃতিৰ প্রতি ভাবুকি অনা আৰু আমাৰ ভৱিষ্যৎ অনিশ্চিত কৰি তোলা কেহবাটাও অভিশাপ মোচন কৰাৰ বাবে আমি কঠোৰ পদক্ষেপ গ্রহণ কৰিছোঁ৷

এখন প্রগতিশীল অসমৰ বাবে যে এখন ড্রাগ্ছমুক্ত সমাজৰ প্রয়োজন, সেহ কথাত মহ সদায় বিশ্বাস কৰি আহিছোঁ৷ ড্রাগ্ছ আৰু নার্ক’টিকছ সৰবৰাহৰ যি প্রণালীবদ্ধ ব্যৱস্থা এটা অসমত গঢ়ি উঠিছিল, যোৱা ১০০ দিনত অসম আৰক্ষীয়ে তাক ধ্বংস কৰাৰ বাবে অপৰিসীম প্রচেষ্টা চলাহ আহিছে৷ এহ প্রচেষ্টাৰ ফলত ১৮৩ কোটি টকাৰ ড্রাগ্ছ জব্দ হৈছে আৰু ১,৭৬০গৰাকী লোকক গ্রেপ্তাৰ কৰা হৈছে৷ আমি কঠোৰ হাতেৰে এহ অসূয়া দমন কৰিম আৰু এখন ড্রাগ্ছমুক্ত অসম প্রতিষ্ঠা কৰিম৷

আমাৰ সংস্কৃতিয়ে শত–সহস্রাব্দজুৰি গো–ধনৰ পূজা কৰি আহিছে আৰু চিৰদিন আমি গো–সুৰক্ষাক প্রাথমিকতা প্রদান কৰি আহিছোঁ৷ এহ কথাই আমাৰ নির্বাচনী হস্তাহাৰত ঠাহ পাহছিল৷ নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি অসম গো–সুৰক্ষা আহন, ২০২১খন গৃহীত কৰা হ’ল৷ এহ আহনৰ জৰিয়তে ৰাজ্যত বহুদিন ধৰি অবাধে চলি থকা গো–ধনৰ অবৈধ ব্যৱসায় আৰু ৰাজ্যখনৰ মাজেৰে গো–ধনৰ অবৈধ পৰিবহণ আমি ৰোধ কৰিব বিচাৰিছোঁ৷ তদুপৰি আমাৰ মন্দিৰ আৰু নামঘৰসমূহৰ চৌহদত গঢ়ি উঠা অবৈধ বসতিসমূহ উৎখাত কৰাৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰিছোঁ৷

আমি ঘোষণা কৰা সংকল্প–পত্রখন আমাৰ বাবে এক পৱিত্র দস্তাবেজ৷ যোৱা ১০০ দিনত আমি এহ সংকল্পবোৰ পালন কৰিছোঁ অথবা সেহবোৰ পালনৰ দিশত কঠোৰ শ্রম কৰিছোঁ৷ প্রতিশ্রুতি অনুসৰি আমি অৰুণোদয় আঁচনিৰ ধন প্রতিমাহে ৮৩০ টকাৰ পৰা ১,০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু ৬.৩৮ লাখ নতুন হিতাধিকাৰীক আঁচনিখনৰ আওতালৈ অনা হৈছে৷ আমাৰ নির্বাচনী প্রতিশ্রুতি অনুসৰি মাহক্র’ফাহনেঞ্চৰ ঋণীসকলক সকাহ দিয়াৰ উদ্দেশ্যে অসম মাহক্র’ফাহনেঞ্চ উদগনি আৰু সকাহ আঁচনি, ২০২১ নামেৰে এখন আঁচনি প্রণয়ন কৰি উলিওৱা হৈছে৷ চাহ বাগিচাৰ মজুৰি ২০২১ চনৰ ফেব্রুৱাৰী মাহৰ পৰা কার্যকৰী হোৱাকৈ ব্রহ্মপুত্র উপত্যকাত ১৬৭ টকাৰ পৰা ২০৫ টকালৈ আৰু বৰাক উপত্যকাত ১৪৫ টকাৰ পৰা ১৮৩ টকালৈ বৃদ্ধি কৰি বাগিচাৰ ভাতৃ–ভগ্ণীসকলক আমি দিয়া আশ্বাস পূৰণ কৰা হৈছে৷ পণ্ডিত দীনদয়াল উপাধ্যায়ে আহ্বান দিয়া অন্ত্যোদয়াৰ দর্শনেহ হৈছে আমাৰ নীতিৰ আধাৰ আৰু সমাজৰ শেষৰজন নাগৰিকলৈ সহায়ৰ হাত আগবঢ়োৱাৰ এহ নীতি আমি অব্যাহত ৰাখিম৷

টকিঅ’ অলিম্পিকত অসমৰ সুনিপুণ বক্সাৰ লাভলীনা বৰগোহাঁহৰ ঐতিহাসিক সফলতা প্রতিগৰাকী অসমবাসীৰ বাবে অতি গৌৰৱৰ বিষয়৷ এহ সফলতাক উলহ–মালহেৰে উদ্যাপন কৰা হৈছে, যাতে ২০২৪ বর্ষৰ অলিম্পিকৰ বাবে বহুকেইগৰাকী লাভলীনাহ যোগ্যতা অর্জন কৰিব পাৰে৷

অহা পাঁচটা বছৰক এক সোণালী অধ্যায়ত পৰিণত কৰাৰ বাবে কেতবোৰ অর্থৱহ ৰূপান্তৰ সাধনৰ বুনিয়াদ যোৱা ১০০ দিনত স্থাপন কৰা হৈছে৷ নূ্যনতম চৰকাৰ, সর্বাধিক প্রশাসন নীতিৰ অধীনত উপায়ুক্তসকললৈ অধিক ক্ষমতা বিকেন্দ্রীকৰণ কৰা হৈছে, যাতে জল জীৱন অভিযান, ঔদ্যোগিক ভূমি আবণ্টন আৰু বান সাহায্য প্রদানৰ লক্ষ্যত অবিলম্বে উপনীত হ’ব পৰা যায়৷
এহ কম সময়ৰ ভিতৰতে ভাৰাতীয়া আৰু মালিকপক্ষৰ মাজৰ বিবাদ মীমাংসা কৰাৰ বাবে এখন আদর্শ ভাৰাতীয়া আহন গৃহীত কৰা ৰাজ্য হিচাপে অসম পৰিগণিত হৈছে৷ এখন হথানল পলিচী প্রস্তুত কৰাৰ ক্ষেত্রত অসম হৈছে ভাৰতৰ অন্যতম ৰাজ্য৷ প্রথমবাৰৰ বাবে সকলো চৰকাৰী ভূমিৰ এটা তথ্যকোষ যোৱা ১০০ দিনতে তৈয়াৰ কৰি উলিওৱা হৈছে৷

এয়া হৈছে অসমবাসীৰ বাবে এক গুৰুত্বপূর্ণ মুহূর্ত৷ কেন্দ্রত এখন সহানুভূতিশীল বিজেপি চৰকাৰ থকাৰ বাবে আৰু অসমতো দলটো ক্ষমতাত থকাৰ ফলত ৰাজ্যৰ উন্নয়নত আমি দুহহাতে কাম কৰিব পাৰিছোঁ৷ এহ তিনি মাহত কেন্দ্রীয় চৰকাৰৰ সন্মানীয় মন্ত্রীসকলৰ সহযোগত আমি জল জীৱন মিছন, প্রধানমন্ত্রী আৱাস যোজনা আৰু প্রধানমন্ত্রী কিষাণ যোজনাৰ দৰে মুখ্য কেন্দ্রীয় আঁচনিকেহখনৰ ৰূপায়ণৰ গতি ক্ষিপ্রতৰ কৰি তুলিছোঁ৷

অতীজত কেন্দ্রীয় চৰকাৰসমূহে উত্তৰ–পূবৰ ৰাজ্যসমূহৰ মাজত সীমাসমূহ ধূসৰ আৰু অনির্ধাৰিত কৰি ৰাখিছিল৷ বিগত ১০০ দিনত এহ বহু দশকজোৰা সমস্যাটোৱে, বিশেষকৈ নাগালেণ্ড, মেঘালয় আৰু মিজোৰামৰ লগত অসমৰ সীমা সমস্যাটোৱে সমাধানৰ দিশত যথেষ্ট অগ্রগতি লাভ কৰিছে৷

‘আজাদী কা অমৃত মহোৎসৱ’ উদ্যাপনত অসমে এক ঐতিহাসিক সফলতা অর্জন কৰিলে৷ ১৯৭৯ চনৰ পিছত প্রথমবাৰৰ বাবে এহ বছৰৰ স্বাধীনতা দিৱস কোনো এটা নিষিদ্ধ সংগঠনে বর্জন নকৰাকৈ উদ্যাপিত হ’ল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ বিকাশ আৰু উন্নয়নৰ বিষয়টোৱে গতানুগতিকতাৰ ঊর্ধ্বলৈ গৈ এটা গুৰুত্বপূর্ণ বিষয়ত পৰিণত হোৱাৰ ফলতেই এনে এটা ইতিবাচক পৰিঘটনা আমি দেখিবলৈ পালোঁ৷

জনতাৰ মৰম আৰু আশীর্বাদপূর্ণ এটা আৰম্ভণিৰে আমি যাত্রা আৰম্ভ কৰিছোঁ৷ আমাৰ এই যাত্রা জনংশীদাৰিত্বৰ যাত্রাত পৰিণত হোৱাটো আমি কামনা কৰিছেছা৷ জনতাৰ সহযোগেৰে আগন্তুক সময়তো আমি পূর্ণ শক্তিৰে ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ সংকল্পবদ্ধ৷

-ড০ হিমন্ত বিশ্ব শর্মা
মুখ্যমন্ত্রী, অসম

RELATED ARTICLES