peepl-small

আহি আছে জুবিন গাৰ্গৰ নতুন ছবি ”ৰাজনীতি”, নতুন বছৰত জুবিনে উপহাৰ দিব কেইবাটাও গীত

PUBLISHED:

গুৱাহাটীঃ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত জুবিন গাৰ্গ। বৰ লুইত নামৰ ৰেষ্টুৰেণ্টখনৰ সপ্তম বৰ্ষপূৰ্তিত কেক কাটিলে জুবিনে লগতে অসমীয়া পৰম্পৰাগত সুস্বাদু খাদ্যৰো জুতি ল’লে নব প্ৰজন্মৰ হাৰ্ট থ্ৰৱগৰাকীয়ে।

তেওঁ কয় যে অসমীয়া ছবিজগতৰ বাবে কেইবাটাও ভাল খবৰ আছে। ড০ বেজবৰুৱাকে ধৰি কেইবাখনো নতুন ছবি আহি আছে। আজি মোৰ ড০ বেজবৰুৱাৰ শ্বুটিং শেষ হ’ব।

ৰাজনীতি নামৰ আন এখন নতুন চিনেমা কথাও ঘোষণা কৰা হৈছে। তপন দাস, মই আৰু বৰ্ষাৰাণী বিষয়া আছো। ৰাজনীতিৰ কামো আৰম্ভ হ’ব। কাহিনী অভিজিত ভট্টাচাৰ্যৰ। মানুহে চাই ভালপাব বুলিও মন্তব্য কৰে জুবিন গাৰ্গে।

ইয়াৰ পাছতে মোৰ চিলা এলবামৰ কাম আৰম্ভ হ’ব। প্ৰতিমাহে এটা এটাকৈ নতুন গীত মুকলি কৰা হ’ব বুলি সাংবাদিকৰ আগত কয় জুবিনে।

 

RELATED ARTICLES