peepl-small

যোগচৰ্চাৰে নিৰ্মূল কৰক থাইৰয়ডৰ সমস্যা

PUBLISHED:

গুৱাহাটীঃ আধুনিক জীৱনযাত্ৰাত যিবোৰ স্বাস্থ্যজনিত সমস্যাই অধিকাংশ মানুহকে ভাৰাক্ৰান্ত কৰি আহিছে তাৰ ভিতৰত থাইৰয়ডো অন্যতম। আন বিভিন্ন উপায়ৰ লগতে যোগচৰ্চাৰ জৰিয়তে নিৰ্মূল কৰিব পাৰি থাইৰয়ডৰ সমস্যা।

শেহতীয়াকৈ ‘My Gov Assam’-এ ছ’চিয়েল মিডিয়াত যোগাসনৰ দ্বাৰা থাইৰয়ডৰ সমস্যা সমাধানৰ বিষয়ে প্ৰকাশ কৰিছে। সৰ্বাংগসন, শীৰ্ষাসন, হলাসন, মৎসাসন আৰু বিপৰীত কৰণি নিয়মীয়াকৈ কৰিলে থাইৰয়ডৰ সমস্যাৰ পৰা উপশম পাব পাৰি। থাইৰয়ডৰ লগতে আন স্বাস্থ্যজনিত সমস্যাৰো সমাধান কৰে এই আসনসমূহে। 

অৱশ্যে যোগ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি যোগচৰ্চা কৰিবলৈ কোৱা হৈছে। জৰুৰীকালীন চিকিৎসাৰ বিকল্প হিচাপে যোগাসন কৰাটো অনুচিত বুলি ‘My Gov Assam’-ৰ ফালৰ পৰা পৰামৰ্শ দিয়া হৈছে।

RELATED ARTICLES