peepl-small

য়াশৰ তাণ্ডৱত ঝাৰখণ্ডত ক্ষতিগ্রস্ত ৮ লাখ

PUBLISHED:

গুৱাহাটীঃ পশ্চিমবংগৰ পিছত সামুদ্রিক ধুমুহা য়াশে ধ্বংসলীলাৰ সৃষ্টি কৰিছে ঝাৰখণ্ডত৷ ঝাৰখণ্ডৰ দক্ষিণ প্রান্তত এই ধুমুহাত ক্ষতিগ্রস্ত হৈছে ৮ লক্ষাধিক লোক৷ আজি দিনৰ ভাগত এই ধুমুহাৰ তাণ্ডৱ কিছু শিথিল হৈ পৰে যদিও ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে৷ লক্ষণীয়ভাৱে বতৰ বিজ্ঞান বিভাগে বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ বাবে সামুদ্রিক ধুমুহা য়াশ প্রায় এসপ্তাহ ধৰি চলি থাকিব বুলি উল্লেখ কৰিছে৷ ধুমুহাৰ পিছতে মুষলধাৰ বৃষ্টিপাতে ঝাৰখণ্ডৰ বিভিন্ন অঞ্চল বুৰাই পেলাইছে৷

ইফালে ৰাজ্যখনৰ মূল নদী খাৰখাই আৰু সুৱর্ণৰেখাৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে এই সময়ছোৱাত৷ লক্ষণীয়ভাৱে বোকাৰোত এজন লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে স্থানীয় প্রশাসনে৷ প্রথমবাৰৰ বাবে সামুদ্রিক ধুমুহাৰ কবলত পৰিছে ঝাৰখণ্ড৷ ধুমুহাই কালি বিয়লিৰ পৰা ৰাজ্যখনত সংহাৰ সৃষ্টি কৰে৷ ঘণ্টাত ১৪০ কিলোমিটাৰ বেগত অহা ধুমুহাৰ ফলত ৰাজ্যখনত বহু প্রাসাদ বিধ্বস্ত হয়৷ স্মর্তব্য যে ১৫ সহস্রাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ঝাৰখণ্ড প্রশাসনে৷ শেহতীয়াকৈ ধুমুহাই বিধ্বস্ত কৰা অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্যিক আৰক্ষী তথা দুর্যোগ ব্যৱস্থাপনা বিভাগে৷ বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি ঝাৰখণ্ডৰ দক্ষিণ অঞ্চলত সামুদ্রিক ধুমুহা য়াশে আটাইতকৈ বেছি ক্ষতিসাধন কৰিছে৷

RELATED ARTICLES