peepl-small

এগৰাকী প্রসূতিয়ে জন্ম দিলে ৪টা সন্তান

PUBLISHED:

গুৱাহাটী: এটা বিৰল ঘটনাৰ সাক্ষী হৈ ৰ’ল ৰঙিয়াৰ স্বস্তি হাস্পতাল৷ হাস্পতালখনত এগৰাকী মহিলাই চাৰিটাকৈ সন্তান জন্ম দিয়ে৷ সন্তানকেইটিৰ ভিতৰত আছে দুটি কন্যা সন্তান আৰু দুটি পুত্র সন্তান৷ প্রথমবাৰৰ বাবে এগৰাকী প্রসূতিয়ে একেলগে চাৰিটাকৈ সন্তান জন্ম দিয়া ঘটনা বিৰল বুলি বিবেচিত হৈছে৷ চিকিৎসালয়খনত মাতৃ–সন্তান কুশলে থকা বুলি চিকিৎসকে জানিবলৈ দিয়ে৷

মহিলাগৰাকীয়ে এবছৰ আগৰ পৰাই হাস্পতালখনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেন্দ্র কলিতাৰ ওচৰত চিকিৎসা লৈ আহিছিল৷ চাৰিটাকৈ সন্তান জন্ম দিয়া মহিলাগৰাকী হ’ল– ধুবুৰীৰ নিতেশ সৰকাৰৰ পত্নী সুবর্ণা ঘোষ৷ চাৰিটাকৈ সন্তান জন্ম পোৱাৰ পিছত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে পিতৃ–মাতৃৰ লগতে আত্মীয়সকল৷ ইফালে, চিকিৎসালয়খনত ধুবুৰীৰ দম্পতীটোৱে এনেদৰে চাৰিটা সন্তান জন্ম দিয়াৰ গৌৰৱ অর্জন কৰাত স্বস্তি হাস্পতালৰ প্রবন্ধক কৰেন্দ্র কলিতাসহ হাস্পতালখনৰ চিকিৎসক আৰু কর্মীয়ে আনন্দ প্রকাশ কৰে৷

RELATED ARTICLES