peepl-small

বোকাখাতত শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ

PUBLISHED:

গুৱাহাটীঃ বোকাখাতৰ বালিজান যোগীগাঁৱত নিশা এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হয় ৷ নিজৰ বিছনাত শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু হয় মহিলাগৰাকীৰ ৷ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম চেমিমআৰা বেগম (৩৫) ৷ একমাত্ৰ কন্যা চবনম বেগম (১০) ৰ সৈতে ঘৰটোত থকা মহিলাগৰাকী কেনেদৰে শোৱনী কোঠাত অগ্নিদগ্ধ হৈ মৃত্যু হ’ল তাকৈ লৈ সৃষ্টি হৈছে ৰহস্য৷

মহিলাগৰাকীৰ স্বামী বিগত এবছৰে ন্যায়িক জিম্মাত থকাৰ বাবে একমাত্ৰ কন্যাৰ সৈতে বাস কৰিছিল ৷ নিশাৰ আহাৰ খাই শোৱাৰ পাছতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ৷ মাতৃৰ অসুখৰ বাবে দহ বছৰীয়া কন্যা বাহিৰৰ কোঠাত অকলে শুই আছিল ৷ একমাত্ৰ কন্যাৰ সৈতে থকা বন্ধ কোঠাত মহিলাগৰাকী অগ্নিদগ্ধ হৈ কেনেকৈ মৃত্যু হ’ল তাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ নিশাই বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷

RELATED ARTICLES