peepl-small

গুৱাহাটীৰ পৰা নামৰূপ অভিমুখী নৈশ বাছত প্রাণ গ’ল ক’ভিড আক্রান্ত মহিলাৰ

PUBLISHED:

গুৱাহাটী: কালি নিশা গুৱাহাটী পৰা নামৰূপ অভিমুখী এ আৰ–১৬ এ–৪০০৫ নম্বৰৰ বৈকুণ্ঠ নামৰ নৈশবাছখনত মৃত্যু হয় এগৰাকী ক’ভিড–১৯ আক্রন্ত মহিলাৰ৷ নামৰূপ সাৰ উদ্যোগৰ কর্মচাৰী তথা আৱাসিক এলেকা ছেক্টৰ চি নিৱাসী নগেন চন্দ্র তালুকদাৰ কিছুদিন পূর্বে পৰিয়ালসহ নলবাৰীৰ এক বিবাহ অনুষ্ঠানলৈ গৈছিল৷ বিয়া শেষ কৰি তালুকদাৰৰ পৰিয়াল কালি বৈকুণ্ঠ ট্রেভেলছত নামৰূপলৈ বুলি ৰাওনা হৈছিল৷ কিছুদূৰ অতিক্রম কৰাৰ পাছতে পত্নী নামিতা তালুকদাৰ (৫৩) অসুস্থ হৈ বমি কৰে আৰু হঠাতে বাছৰ ভিতৰতে অচেতন হৈ পৰে৷ বাছৰ যাত্রীসকলে জনোৱা মতে, মহিলাগৰাকীয়ে বাছত উঠাৰ পৰাই কাহি আছিল৷ এনে কাণ্ডত আন যাত্রীসকলৰ মাজত হুৱাদুৱা লাগে৷

উপায়ান্তৰ হৈ অভিভাৱকে যোৰাবাট আৰক্ষী চকীত বাছ ৰখাই অচেতন হৈ পৰা ৰোগীগৰাকীক সহায়ৰ বাবে অনুৰোধ জনায় আৰক্ষীক৷ আৰক্ষীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে৷ পৰৱর্তী সময়ত মহিলাগৰাকীৰ এণ্টিজেন টেষ্ট কৰোঁতে ধৰা পৰা ক’ভিড–১৯ৰ উপস্থিতি৷

আনহাতে, মহিলাগৰাকী দীর্ঘদিনে মধুমেহ ৰোগতো আক্রান্ত হৈ আছিল বুলি জানিব পৰা গৈছে৷ ইফালে মৃত মহিলাগৰাকীৰ স্বামী–পুত্রক যোৰাবাটত এৰি বাছখনে আন যাত্রীসকলক নির্দিষ্ট স্থানসমূহত নমাই পুৱা নামৰূপ পায়হি৷ নামৰূপত নমা পাঁচজন যাত্রীৰ পুৱাই ক’ভিড টেষ্ট কৰি হোম কোৱাৰেণ্টেইনত থাকিবলৈ নামৰূপস্থিত চৰকাৰী চিকিৎসালয়ৰ তৰফৰ পৰা নির্দেশ দিয়া হয়৷ উক্ত মহিলাগৰাকীকে ধৰি বর্তমানলৈ নামৰূপত তিনিগৰাকী ব্যক্তিয়ে ক’ভিডত প্রাণ হেৰুৱাইছে যদিও নামৰূপবাসীয়ে বর্তমানলৈকে সজাগ হোৱা পৰিলক্ষিত হোৱা নাই৷

RELATED ARTICLES