peepl-small

বামুণীমৈদামত ব্রাউন ছুগাৰসহ মহিলা গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী: গুৱাহাটীত চলি থকা ড্রাগ্ছৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে৷ বিগত চাৰিটা দিনত মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই ড্রাগ্ছসহ ১৫জন ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কালি চানমাৰিত আৰক্ষীয়ে অভিযান চলাই এলিজা বেগম (৩৪) নামৰ এগৰাকী ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত হাফিচ নগৰৰ বাসিন্দা এলিজাই বামুণীমৈদামৰ ৰে’লগেটৰ সমীপত ড্রাগ্ছ বিক্রী কৰি থকাৰ সময়তে আৰক্ষীয়ে হাতে–লোটে গ্রেপ্তাৰ কৰে৷ ধৃত মহিলাগৰাকীৰ পৰা ৭.৮৮ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰে৷ চানমাৰি আৰক্ষীয়ে ঘটনা সন্দর্ভত এনডিপিএছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি ড্রাগ্ছ সৰবৰাহকাৰী মহিলাগৰাকীক জে’ললৈ প্রেৰণ কৰে৷

RELATED ARTICLES