peepl-small

অসমতো অভাৱ হ’ব নেকি অক্সিজেনৰ? অক্সিজেনক লৈ কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

PUBLISHED:

গুৱাহাটীঃ আজি মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত অক্সিজেন জেনেৰেশ্যন প্লাণ্ট উদ্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয়, “ৰাজ্যত অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হৈছে। কিন্তু এই পৰ্যন্ত ভেকচিন কোম্পানীয়ে আমাক ভেকচিন প্ৰদান কৰা নাই। চৰকাৰে ভেকচিন কোম্পানীৰ সৈতে কথা পাতি আছে, হয়টো আজি কিবা এটা খবৰ আহিব। চেৰামত ১ কোটি আৰু ভাৰত বায়টেকতো ১ কোটি ভেকচিনৰ অৰ্ডাৰ দিয়া হৈছে। অৱশ্যে কোনো ৰাজ্যই এতিয়ালৈ ভেকচিন লাভ কৰা নাই। কিন্তু অসমত ভেকচিনৰ অভাৱ হোৱা নাই, পৰ্যাপ্ত পৰিমানে আছে।”

উল্লেখ্য যে ৪৫ ৰ উৰ্ধৰ ভেকচিন বৃহস্পতিবাৰে মুঠ ৯৯ হাজাৰ লোকে ভেকচিন ল’লে। অৰ্থাৎ প্ৰতি দিনে ৰাজ্যত ভেকচিন লোৱা লোকৰ সংখ্যা ১ লাখ চুবলৈ গৈছে।

RELATED ARTICLES