peepl-small

দিছপুৰ কাৰ? আজি জনাদেশৰ ফলাফল

PUBLISHED:

গুৱাহাটী: বিগত প্রায় এমাহ ধৰি চলা জল্পনা–কল্পনা আৰু উৎকণ্ঠাৰ অৱসান ঘটিব আজি।  আজি হ’বলগীয়া ভোটগণনাৰ পাছতেই স্পষ্ট হ’ব দিছপুৰত পৰৱর্তী ৫ বছৰলৈ কোন অধিষ্ঠিত হ’ব৷ ভোটগণনাৰ পূর্বে ৰাষ্ট্রীয় সংবাদ মাধ্যমসমূহে প্রকাশ কৰা এগ্জিট প’লে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে চৰকাৰ গঠনৰ সম্ভাৱনাক স্পষ্ট কৰি দিছে যদিও বিৰোধী মহাজোঁটে এনে এগ্জিট প’লক নস্যাৎ কৰি এশ শতাংশই চৰকাৰ গঠনৰ দাবীত দৃঢ় হৈ আছে৷ কার্যতঃ মিত্রজোঁট আৰু মহাজোঁটৰ এনে দাবীয়ে ভোটগণনাৰ পূর্বে অধিক আকর্ষণীয় কৰি তুলিছে ২ মে’ৰ দিনটোক৷

উল্লেখ্য যে এইবাৰ ১২৬টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ আৰু নির্দলীয় ৯৪৬গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ কার্যতঃ কাইলৈ এই প্রার্থীসকলৰ ভাগ্য নির্ণয় হ’ব৷ প্রতিদ্বন্দ্বিতা কৰা ৯৪৬গৰাকীৰ ৮৭২গৰাকী পুৰুষ আৰু ৭৪গৰাকী মহিলা প্রার্থী৷ তিনিটা পর্যায়ত সম্পন্ন হোৱা নির্বাচনত এইবাৰ মুঠ ভোটদাতা আছিল ২,৩৩,৭৪০৮৭৷ আনহাতে, মুঠ ভোটগ্রহণ কেন্দ্র আছিল ৩৩,৫৩০৷

লক্ষণীয়ভাৱে এইবাৰ পোষ্টেল বেলট ভোট সাব্যস্ত হৈছে ১,৫০,০৩৩টা৷ ভোটগণনাক লৈ ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তোলাৰ পাছত কাইলৈ কোন প্রার্থীৰ ভাগ্য মুকলি হয়, তাক লৈ চলিছে নানা আলোচনা৷ ৰাজ্যত পুনৰ চৰকাৰ গঠনৰ দাবী তুলি বিজেপিয়ে অকলশৰে ৭০খন আসন লাভ কৰিব বুলি ইতিমধ্যে স্পষ্ট কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷

সভাপতিগৰাকীৰ মন্তব্য– বিজেপিয়ে অকলশৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগতে মিত্রদলৰ সৈতে ৮৩তকৈ অধিক আসন লাভ কৰিব৷ এইবাৰ দিছপুৰত পুনৰ মিত্রজোঁটে চৰকাৰ গঠন কৰিব৷ ৰাজ্যিক বিজেপিয়ে নিজাববীয়াকৈ এক নির্বাচনী সমীক্ষা চলাই বিজেপিয়ে ৭০খন, অগপই ৮খন আৰু ইউ পি পি এলে ৫খন আসন লাভ কৰিব বুলি উল্লেখ কৰিছে৷ আনকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰো স্পষ্ট মন্তব্য– অসমত আকৌ এবাৰ হ’ব বিজেপি চৰকাৰ৷ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ চৰকাৰখনে বিগত সময়ছোৱাত কৰা কামৰ বাবে এইবাৰ আমাক ৰাইজে আশীর্বাদ দিছে৷ গতিকে পুনৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত৷ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে অগপৰ সভাপতি অতুল বৰায়ো পুনৰ এবাৰ মিত্রজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰিছে৷

আনহাতে, পূর্বতকৈ অগপৰ ফলাফল যথেষ্ট ভাল হ’ব বুলি দাবী কৰি অতুল বৰাই কয়– এইবাৰ অগপৰ আসন বৃদ্ধি পাব৷ বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে অগপই ৮খনহে আসন দখল কৰিব বুলি কৰা মন্তব্যৰ বিপৰীতে অতুল বৰাই কয়– কোনে কি মন্তব্য কৰিছে সেয়া গুৰুত্বপূর্ণ নহয়৷ কিন্তু এইবাৰ অগপৰ নির্বাচনী ফলাফল যে যথেষ্ট ভাল হ’ব সেয়া নিশ্চিত৷ অগপৰ লগতে মিত্রজোঁটৰ আন দলেও উন্নত ফলাফলেৰে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ম৷ মিত্রজোঁটৰ অংশীদাৰ দলৰ এনে দাবীৰ বিপৰীতে বিৰোধী কংগ্রেছৰ দাবী– মহাজোঁটে চৰকাৰ গঠন কৰাটো এহাজাৰ শতাংশই নিশ্চিত৷

প্রদেশ কংগ্রেছৰ পর্যবেক্ষক ৰূপে বিধানসভা নির্বাচনৰ পূর্বৰ পৰাই ওতপ্রোতভাৱে লাগি থকা দলটোৰ কেন্দ্রীয় নেতা জিতেন্দ্র সিঙে এই দাবীক অধিক দৃঢ় কৰি ইতিমধ্যে উল্লেখ কৰিছে যে মহাজোঁটে ৮০খনৰো অধিক আসন দখলেৰে চৰকাৰ গঠন কৰিব৷ আনহাতে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দাবী কৰা মতে, মহাজোঁটে ৭২ৰ পৰা ৭৫খন আসন লাভ কৰাটো নিশ্চিত৷ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ মন্তব্য– প্রতিটো সমষ্টিৰ ওপৰত পর্যালোচনা চলাই এই পৰিসংখ্যা উলিওৱা হৈছে৷ এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত৷ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে আমি এইবাৰ চৰকাৰ গঠন কৰিম৷

ইফালে ৰাষ্ট্রীয় সংবাদ মাধ্যমে প্রকাশ কৰা এগ্জিট প’লক সম্পূর্ণৰূপে নাকচ কৰি তেওঁ এই সন্দর্ভত কয় যে এই সমীক্ষাবোৰ সম্পূর্ণৰূপে বিভ্রান্তিমূলক আৰু খেলিমেলিৰে ভৰা৷ কংগ্রেছে এই সমীক্ষা কেতিয়াও গ্রহণ নকৰে৷ যদি সমীক্ষাবোৰ সঁচা বুলি ধৰা হয়, তেন্তে এনডি টিভিয়ে অসমত মহাজোঁটৰ চৰকাৰ হ’ব বুলি উল্লেখ কৰিছে৷ আমি এই সমীক্ষাকো মনা নাই৷ আমাৰ দলৰ নিজাববীয়াৰ সমীক্ষাকহে আমি স্বীকাৰ কৰিম৷ মহাজোঁটক নেতৃত্ব দিয়া কংগ্রেছৰ এনে দাবীক সমর্থন কৰি এ আই ইউ ডি এফেও এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব বুলি উল্লেখ কৰিলে৷ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে এইবাৰ দলে প্রতিদ্বন্দ্বিতা কৰা আটাইকেইটা সমষ্টিতে জয়লাভ কৰিব বুলি মন্তব্য কৰে৷ উল্লেখ্য যে এইবাৰ এ আই ইউ ডি এফে মহাজোঁটৰ অংশীদাৰ ৰূপে ২০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে৷ ভোটগণনালৈ মাত্র কেইঘণ্টামান বাকী থকা অৱস্থাত আমিনুল ইছলামে আটাইকেইটা সমষ্টিতেই জয় হ’ব বুলি কৰা ঘোষণাই স্বাভাৱিকতে কংগ্রেছৰ সমীকৰণত খেলিমেলি সৃষ্টি কৰিছে৷

বিশেষকৈ সৰুক্ষেত্রী আৰু বাঘবৰ সমষ্টি দুটা কংগ্রেছৰ দখলৰ পৰা এ আই ইউ ডি এফে কাঢ়ি আনিব বুলি ইতিমধ্যে দলীয়ভাৱে কৰা ঘোষণাই কংগ্রেছত যথেষ্ট প্রতিক্রিয়া সৃষ্টি কৰিছে৷ এই সন্দর্ভত আমিনুল ইছলামৰ মন্তব্য– আমি জয়ী হ’লেও মহাজোঁটৰে শক্তি বাঢ়িব৷ আনহাতে, মহাজোঁটৰ আন এক অংশীদাৰ বি পি এফে অতি কমেও ৮টা সমষ্টিত জয়লাভ কৰিব বুলি দাবী কৰিছে৷ এইবাৰ মহাজোঁটৰ চৰকাৰ হ’ব বুলি দাবী কৰি বি পি এফৰ সাধাৰণ সম্পাদক প্রবীণ বড়োৱে স্পষ্ট কৰিছে যে বি পি এফে অতি কমেও ৮টা সমষ্টিত জয়লাভ কৰাটো নিশ্চিত৷ ইয়াৰ উপৰি আন দুটা সমষ্টিও দখল কৰাৰ সম্ভাৱনা আছে৷ পুনৰ দিছপুৰত চৰকাৰ গঠনত বি পি এফে ল’ব নির্ণায়ক ভূমিকা৷ বি পি এফৰ এনে দাবীৰ বিপৰীতে মিত্রজোঁটৰ অংশীদাৰ ইউ পি পি এলে বিটিচিত অতি কমেও ৭টা সমষ্টি দখল কৰিব বুলি ভোটগণনাৰ প্রাক্ক্ষণত দাবী তুলিছে৷ দলৰ নেতা তথা পৰিষদৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে এই সন্দর্ভত প্রকাশ কৰা মতে, এইবাৰ নির্বাচনত দলে যথেষ্ট ভাল প্রদর্শন কৰিব৷ নির্বাচনৰ ভোটগণনাক লৈ সেয়েহে ইউ পি পি এলে কোনো উৎকণ্ঠাত ভোগা নাই৷

আনহাতে, দলৰ জ্যেষ্ঠ নেতা উর্খাও গৌৰা ব্রহ্মই প্রকাশ কৰা মতে, ইউ পি পি এলে অতি কমেও ৭টা সমষ্টিত জয়লাভ কৰাটো নিশ্চিত৷ ইতিমধ্যে দলে নির্বাচনৰ পাছত পর্যালোচনা চলাই এই সমীকৰণত উপনীত হৈছে৷ ইফালে জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও নির্বাচনত আশা কৰাতকৈ যথেষ্ট ভাল ফল দেখুৱাব পাৰিব বুলি উল্লেখ কৰিছে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই সন্দর্ভত প্রকাশ কৰা মতে, এইবাৰ নির্বাচনত ৫০তকৈ অধিক সমষ্টিত তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হ’ব৷ এই প্রতিদ্বন্দ্বিতাত এটা শক্তি হিচাপে এইবাৰ থিয় দিছে অসম জাতীয় পৰিষদ৷ জাতীয় পৰিষদে কমেও কুৰিটাৰ অধিক সমষ্টিত প্রথম বা দ্বিতীয় স্থানত থাকিব৷ ফলত মিত্রজোঁট বা মহাজোঁটে জাতীয় পৰিষদক উলাই কৰি চৰকাৰ গঠন কৰিব নোৱাৰে৷ ৰাইজৰ দলেও এইবাৰ নির্বাচনত কেইবাটাও সমষ্টিত প্রত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি দাবী কৰিলে দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই৷ তেওঁ কয় যে শিৱসাগৰ আৰু নাওবৈচাত এইবাৰ ৰাইজৰ দলৰ প্রার্থী জয়ী হোৱাটো নিশ্চিত৷ আন কেইবাটাও সমষ্টিত ৰাইজৰ দলে শক্তিশালী উত্থানেৰে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ’ব৷
আকৌ এবাৰ বিজেপি মিত্রজোঁটৰ চৰকাৰঃ মুখ্যমন্ত্রী সোণোৱাল
ভাল কাম কৰিলে ভাল ফল পায়৷ যোৱা ৫ বছৰে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে যি নিষ্ঠাৰে বৰাক–ব্রহ্মপুত্র উপত্যকাৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ প্রতিখন জিলাৰ সমন্বয়ৰ বাবে কাম কৰিলে, প্রতিটো জাতি–জনগোষ্ঠীক মর্যাদা দিলে আৰু প্রমূল্যবোধৰ আধাৰত সততা–নিষ্ঠাৰে কাম কৰিলে, ইয়াৰ বাবে অসমৰ ৰাইজে পুনৰ বিজেপি চৰকাৰ হোৱাটো মনে–প্রাণে বিচাৰিছে৷ ভোটগণনাৰ প্রাক্ক্ষণত আজি এইদৰে মিত্রজোঁটৰ জয়ৰ সম্ভাৱনাক স্পষ্ট কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয়– নির্বাচনৰ সময়ত মিত্রজোঁটৰ প্রার্থীক ৰাইজে কিধৰণে সহযোগিতা আগবঢ়াইছে, সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ আনহাতে, এগ্জিট প’ল সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয়– যোৱা ৫ বছৰে সফলতাৰে চৰকাৰ চলোৱাৰ ক্ষেত্রত যি বাতাৱৰণ সৃষ্টি হ’ল, তাত ৰাজ্যৰ সাংবাদিকসকলৰ যথেষ্ট অৱদান আছে আৰু জনসাধাৰণৰো সহযোগিতা আছে৷ কাইলৈ ভোটগণনাৰ পাছত জনসাধাৰণে ভাল পোৱা ফলাফল প্রত্যক্ষ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে৷

RELATED ARTICLES