peepl-small

লাভলীনা–হিমাক আমি যিমান দিলেও কম হ’বঃ মুখ্যমন্ত্রী ড০ শৰ্মা

PUBLISHED:

দৌৰবিদ হিমা দাসক ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক (ডি এছ পি) পদত নিযুক্তি দিয়াক লৈ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত হোৱা বিতর্কৰ প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

বৃহস্পতিবাৰে গুৱাহাটীত এক অনুষ্ঠানত অংশগ্রহণৰ পিছত সংবাদ মাধ্যমৰ আগত এই প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সামাজিক মাধ্যমত এনে বিতর্ক হোৱা উচিত নহয়৷ হিমা দাস আৰু লাভলীনা বৰগোহাঁয়ে অসমলৈ যথেষ্ট সুনাম কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘পি ভি সিন্ধুকো অন্ধ্রপ্রদেশ চৰকাৰে ভাল পদবী দিছে৷ মণিপুৰ চৰকাৰে মীৰাবাঈ চানুক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিছে৷ সেই কাৰণে মোৰ চৰকাৰৰ প্রচেষ্টা হ’ব ডি এছ পিতকৈ অধিক উচ্চ পর্যায়ৰ পদত নিযুক্তি দিব পাৰি নেকি৷ ছ’চিয়েল মিডিয়াৰ কথাৰ লগত মই সন্মত নহয়৷ হিমাই অসমৰ কাৰণে যথেষ্ট সুনাম কঢ়িয়াই আনিছে৷ এতিয়া লাভলীনায়ো যথেষ্ট সুনাম কঢ়িয়াই আনিছে৷ দুয়োগৰাকীকে মোৰ শক্তিৰে পাৰিলে মই উপায়ুক্ত কৰি দিলোঁহেঁতেন৷ মোৰ শক্তিয়ে নোৱাৰে, সেইটো এটা বেলেগ কথা৷ কিন্তু তেওঁলোকক আমি যিমান দিলেও সেয়া কম হৈ থাকিব৷’

ছ’চিয়েল মিডিয়াত এইধৰণৰ কথা কোৱা উচিত নহয় বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে দেশৰ প্রতিখন ৰাজ্যই তেওঁলোকৰ খেলুৱৈসকলক ভাল প্রদর্শন কৰিলেও চৰকাৰী চাকৰি দিয়ে৷ নহ’লে তেওঁলোকৰ ভৱিষ্যৎ কিদৰে সুৰক্ষিত হ’ব৷ তেওঁলোকৰ জীৱনৰ আটাইতকৈ ভাল সময়খিনি জাতিটোক দিলে৷ সেয়েহে বয়স হোৱাৰ পিছত তেওঁলোক দৰিদ্র অৱস্থাত বাস কৰাটো কোনেও নিবিচাৰে৷ সেয়েহে ছ’চিয়েল মিডিয়াৰ কথা–বার্তা প্রত্যাখ্যান কৰিছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷

RELATED ARTICLES