peepl-small

বাক্সাৰ ভূটান সীমান্তত জব্দ অস্ত্রভাণ্ডাৰ

PUBLISHED:

গুৱাহাটীঃ তামুলপুৰ থানাৰ অন্তর্গত দৰঙামেলা আৰক্ষী চকীৰ অধীনৰ ভাৰত–ভূটান সীমান্তৰ শান্তিপুৰৰ পৰা তামুলপুৰ আৰক্ষীয়ে দেওবাৰে বহু পৰিমাণৰ অস্ত্র–শস্ত্রসহ এটা অস্ত্রভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ তামুলপুৰ আৰক্ষী প্রশাসনৰ সূত্রত প্রকাশ যে এক গোপন খবৰৰ ভিত্তিত দেওবাৰে পুৱতিনিশা ৩ বজাৰ পৰা তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, তামুলপুৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দ্বীপেন কলিতা আৰু দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া দেৰচুং নার্জাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে শান্তিপুৰ গাঁৱৰ পৰা বৈ অহা দৰংগা নদীৰ পাৰত অভিযান চলায়৷ অভিযানৰ সময়ত আৰক্ষীয়ে নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত অস্ত্রভাণ্ডাৰটো জব্দ কৰে৷

আৰক্ষীয়ে দিয়া তথ্য মতে, অস্ত্রভাণ্ডাৰটোৰ পৰা হেণ্ড গ্রেনেড ১০টা, ৯ এম এম পিষ্টলৰ সক্রিয় গুলী ৬টা, এ কে–৪৭ ৰাইফলৰ খালী মেগজিন এটা, গ্রেনেড ছেফটী লিভাৰ ৯টা, ডিটনেটৰ ৩টা, দেশীয় ৰিভলভাৰ এটা, এ কে–৪৭ৰ সক্রিয় গুলী ২৩৫টা জব্দ হয়৷ ইপিনে বৃহৎ অস্ত্রভাণ্ডাৰৰ লগত জড়িত থকাৰ সন্দেহত বেথেল মুছাহাৰী (৩৯), বিলাছ ইছোৱাৰী (২৮), সৌমচৌৰ মুছাহাৰী (২৪) আৰু কীর্তিৰাজ বসুমতাৰীক (২৪) আৰক্ষীয়ে দেওবাৰে আটক কৰিছে৷ তামুলপুৰ আৰক্ষীয়ে অধিক অস্ত্র–শস্ত্র উদ্ধাৰ কৰাৰ কাৰণে অভিযান অব্যাহত ৰাখিছে৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্তৰ খাতিৰত অধিক তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে যোৱা ২১ মে’ৰ নিশা ভাৰত–ভূটান সীমান্তৰ পাটকীজুলি কালঝাৰ গাঁও নিৱাসী ইউ পি পি এলৰ কেন্দ্রীয় কার্যালয় সম্পাদকৰ ঘৰৰ সন্মুখত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল৷ উক্ত ঘটনা সন্দর্ভত কালি পুৱা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছিল৷ তদন্তৰ খাতিৰত কালি অঞ্চলটোৰ স্থানীয় যুৱককেইজনমানক সোধা–পোছাৰ কাৰণে তামুলপুৰ থানালৈ আনিছিল৷ নিশা আৰক্ষীৰ তদন্তত এই যুৱককেইজনক সোধা–পোছা কৰাৰ সময়ত আৰক্ষীয়ে কোনো অজ্ঞাত স্থানত অস্ত্র থকাৰ উমান লাভ কৰিছিল৷

এই তথ্যৰ ভিত্তিতে তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত আজি পুৱতিনিশা এক অভিযান চলাই এই বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই অস্ত্র–শস্ত্র উদ্ধাৰ কৰাৰ পিছত ইয়াৰ সৈতে জড়িত থকাৰ সন্দেহত তামুলপুৰ আৰক্ষীয়ে এই চাৰিজন যুৱকক আটক কৰে৷

RELATED ARTICLES