peepl-small

নৱনিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা ইন একচনঃ দৰঙৰ চৰাঞ্চলত অস্ত্র, সেনা আৰক্ষীৰ নকল পোছাক জব্দ, ধৃত দুই

PUBLISHED:

গুৱাহাটীঃ  দৰঙৰ অপৰাধপ্রৱণ এলেকা হিচাপে চিহ্ণিত চৰাঞ্চলত ৫টা ৰাইফল, সেনা–আৰক্ষীৰ নকল পোছাকসহ দুটা অপৰাধী কৰায়ত্ত হৈছে৷ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাছত সুশান্ত বিশ্ব শর্মাৰ এয়া মাত্র ৪টা দিনত তৃতীয়টো বৃহৎ সফল অভিযান৷

লক্ষণীয় যে দৰঙৰ ধূলা থানা আৰু মঙলদৈ থানাৰ কেইবাজনো আৰক্ষী বিষয়া, কনিষ্টবলসহ এটা দলে জিলাখনৰ উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত বকমাৰী চৰত আজি পুৱতিনিশা এক অভিযান চলাইছিল৷ অভিযানকাৰী দলটোৱে বকমাৰী চৰৰ মইনুদ্দিন আলী আহমেদ ওৰফে মইন আলীৰ বাসগৃহত অবৈধ মৰণাস্ত্রসহ এটা দলে আত্মগোপন কৰি থকাৰ বিষয়ে সম্ভেদ পাই এটা অভিযান চলায়৷ আৰক্ষীয়ে আলীৰ ঘৰত ৫টাকৈ এ কে ছিৰিজৰ দৰে হস্তনির্মিত ৰাইফলৰ লগতে ৫যোৰা সেনাৰ নকল পোছাক, আৰক্ষীৰ পোছাক জব্দ কৰে৷

একেদৰে, ঘৰটোত আত্মগোপন কৰি থকা হাৰুণাৰ ৰচিদ আৰু চহৰ আলীক কৰায়ত্ত কৰে৷ হাৰুণাৰ নামৰ নৰাধমটোৰ ঘৰ ধূলা থানাৰ অন্তর্গত ধনশ্রীকাষ আৰু চহৰৰ ঘৰ মঙলদৈ নগৰৰ সমীপৱর্তী কে বান্দিয়াত৷ দলটোৱে কোনো ভয়ানক অপৰাধৰ পৰিকল্পনাৰে বাহৰ পাতি আছিল নে কাৰখানাত অধিক ৰাইফল নির্মাণৰ গুণাগঁথা কৰি আছিল সেয়া জানিব পৰা হোৱা নাই৷ চৰাঞ্চলত কি উদ্দেশ্য লৈ নকল সেনা আৰক্ষীৰ পোছাকসহ ৰাইফল লৈ বাহৰ পাতিছিল সেয়া তদন্তৰ বিষয় হৈ পৰিছে৷ ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে৷

RELATED ARTICLES