peepl-small

গেছৰ সমস্যাৰ পৰা কেনেদৰে উপশম পাব? জানক এইকেইটা উপায়

PUBLISHED:

গুৱাহাটীঃ বৰ্তমান সময়ত অধিকাংশ লোকে এচিডিটী বা গেছৰ সমস্যাৰ সন্মুখীন হয়।
আধুনিক জীৱন যাত্ৰাত গেছৰ সমস্যা হৈ পৰিছে অবিচ্ছিন্ন অংগ।

আহক জানো কেনেদৰে এচিডিটী বা গেছৰ সমস্যাৰ পৰা দূৰত থাকিব পাৰি।

সঘনে খাওক। কিন্তু কমকৈ খাওক। দিনত অত্যধিক পৰিমাণে তিনিবাৰ খোৱাৰ সলনি কম পৰিমাণে ঘনাই খাওক। অধিক খাই পেটটো ভৰ্তি কৰাই নথ’ব।

জ্বলা, মছলাজাতীয় খাদ্য পৰিহাৰ কৰক। কফি, চাহ, চকলেট, সুৰাপানৰ পৰা দূৰত থাকক।

কাৰ্বনেটেড পানীয় পান কৰাৰ পৰা বিৰত থাকিব।

খোৱাৰ লগে লগে বিছনালৈ শুবলৈ নাযাব। খোৱাৰ পাছত অলপ খোজ কাঢ়ক বা বহি থাকক। বিছনাত বাগৰি নিদিব।

ওজন হ্ৰাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখক। চৰ্বিজাতীয় খাদ্য পৰিহাৰ কৰক।

ধূমপান ত্যাগ কৰক।

Photo: Image by Darko Djurin from Pixabay

Also Read: গুৱাহাটীৰ সীমান্তৱর্তী অঞ্চলেৰে মেঘালয়লৈ অব্যাহত গৰুৰ সৰবৰাহ – News Live

RELATED ARTICLES