গুৱাহাটী: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্রাগছৰ সমান্তৰালভাৱে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্রীয় গৰুচুৰিৰ লগতে চোৰাংকৈ গৰু সৰ্বৰাহ কৰা গো মাফিয়াসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ আনকি মুখ্যমন্ত্রীৰ নির্দেশত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই নিজে এই অভিযানৰ তদাৰক কৰা পৰিলক্ষিত হৈছে৷ দক্ষিণ কামৰূপৰ ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা বিজয়নগৰ আৰক্ষী চকীৰ সমীপৰ বাটৰহাট–ৰঙামাটি সংযোগী পথেৰে দিনৰ পোহৰতে সকলোৱে দেখাকৈ গৰুভর্তি পিক–আপ ভান বিভিন্ন ভিতৰুৱা পথেৰে পোনে পোনে লোহাৰঘাট বাগানলৈ ৰাওনা হয়৷ তাত নতুন চিমিনা নামৰ এটা চুবুৰিত নির্দিষ্ট স্থানত গো মাফিয়াই স্থাপন কৰা খুঁটি তথা পাহৰত গৰুবোৰ এদিন বা দুদিন ৰখা হয়৷ লক্ষণীয়ভাৱে সকলোৱে দেখিলেও ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা দক্ষিণ কামৰূপৰ ছয়গাঁও, বিজয়নগৰ আৰক্ষীয়ে দিনৰ পোহৰতে খোলাকৈ বৈধধভাৱে গৰু সৰ্বৰাহ কৰা পিক–আপ ভানসমূহ কিয় দেখা নাপায় তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷
Also Read: গেছৰ সমস্যাৰ পৰা কেনেদৰে উপশম পাব? জানক এইকেইটা উপায় – News Live
তাৰ পিছত আন বেলেগ পিক–আপ ভানেৰে কৌশলেৰে গাডী লিক, মুদুকী, ৰংচাই, বাখলাপাৰা, জিমিৰগাঁও, উমশ্রু হৈ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ জিৰাং, সৰু পাহাম, পাথৰখামাৰ দিশে গৰুবোৰ লৈ যোৱা হয়৷ জান্বি পৰা মতে গো মাফিয়া চক্রটোৱে মেঘালয় হৈ বাংলাদেশলৈ সৰ্বৰাহ কৰে চোৰাং গৰুসমূহ৷ এই গৰুসমূহ দক্ষিণ কামৰূপৰ গৰৈমাৰী, নগৰেবৰা, কালাতলীৰ উপৰিও ৰপেটা জিলাৰ হৰি আদি অঞ্চলৰ পৰা সংগ্রহ কৰে গো মাফিয়া চক্রটোৱে৷ আনহাতে এইক্ষেত্রত স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ হস্তক্ষেপ আৰু তৎপৰতা কামনা কৰিছে৷ জান্বি পৰা মতে বিগত ২০২০ ষৰ বিধানসভাৰ বাজেট অধিৱেশনত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই অসম–মেঘালয় সীমান্তৱর্তী মাটাইখাৰ অঞ্চলত আন্তঃৰাজ্যিক নিৰাপত্তা দ্ধিৰ স্বার্থত এখন আৰক্ষী চকী স্থাপন কৰ্বিলৈ গৃহ বিভাগক প্রস্তাৱ উত্থাপন কৰিছিল৷ শেহতীয়াভাৱে মাটাইখাৰ অঞ্চলত আৰক্ষী চকী স্থাপন কৰা বিষয়টো ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানৰ আনুমোদৰ অপেক্ষাত থকা বুলি জানিব পৰা গৈছে।
Also Read: এন ই এছ এ চি–ইছৰোৰ বানপানীৰ অধ্যয়নত ৫,৯০২ বর্গ কিলোমিটাৰ আর্দ্রভূমি চিনাক্ত – News Live