peepl-small

বিলাসীপাৰাত ৩ টকাত নিৰামিষ ভাত উপলব্ধ হোটেল মুকলি

PUBLISHED:

ক’ৰোনা সৃষ্ট পৰিস্থিতিয়ে বিলাসীপাৰাতো বহুতৰে আয়ৰ পথ ৰুদ্ধ কৰিছে৷ এসাঁজ খাবলৈ বহুতেই ভাবিবলগীয়া হৈছে বহুবাৰ৷  

তেনে এক জটিল সময়ত সকলো শ্রেণীৰ লোকক মাত্র তিনি টকাত পেট ভৰাই এসাঁজ নিৰামিষ আহাৰ যোগান ধৰিছে স্বেচ্ছাসেৱী সংগঠন এটাই৷

আজি বিলাসীপাৰা চহৰত এই অভিলাষী হোটেলখন উদ্বোধন কৰে মহকুমাধিপতি জয় শিৱানীয়ে৷ কল্পজ্যোতি  ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত ‘সাৰদা’ৰ আখলত তিনি টকাৰ বিনিময়ত যোগান ধৰি অহা নিৰামিষ ভাতসাঁজ খাবলৈ চহৰখনত কর্মৰত শ্রমিকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ফাউণ্ডেচনৰ সাৰদাৰ আখলৰ চি আৰ ৰিতম দে’, সহকাৰী চি আৰ অনুস্মৃতা সাহা, সভাপতি সুৰজিৎ সৰকাৰ, সম্পাদক দেৱৰাজ দাস, এছ এম আৰ বিপাশা ভৌমিক, সদস্য ক্রমে বিকি সূত্রধৰ, ড্রফী আহমেদ, মৌচুমী পাল, পিয়া সাহাই বিলাসীপাৰা পেড্র’ল ডিপোৰ কাষত এই হোটেল স্থাপন কৰিছে৷

তিনিটকীয়া ভাতৰ হোটেলখন মুকলি কৰি মহকুমাধিপতি জয় শিৱানীয়ে কয় যে যুৱক–যুৱতীসকলৰ্ এই প্রচেষ্টাই চহৰত কর্মৰত শ্রমিকসকলৰ লগতে দৰিদ্রজনক বিশেষভাৱে উপকৃত কৰিব৷ এইক্ষেত্রত যুৱক–যুৱতীসকলক্ সকলোৱে সহযোগিতা কৰি উৎসাহী কৰিবলৈও তেওঁ আহ্বান জনায়৷ফাউণ্ডেচনৰ ৰিতম দে’ই জনোৱা মতে প্রথম অৱস্থাত প্রতি দেওবাৰে তিনিটকীয়া ভাতৰ ব্যৱস্থা কৰা হ’ব৷

RELATED ARTICLES