peepl-small

দৈনিক ১ কোটি লোকক দিয়ক ভেকচিন

PUBLISHED:

গুৱাহাটীঃ  দেশত দৈনিক এক কোটি লোকক ক’ভিড ভেকচিন প্রদান আৰু দেশৰ প্রতিজন নাগৰিকক বিনামূলীয়াকৈ ভেকচিন প্রদানৰ দাবীত আজি ৰাষ্ট্রপতিলৈ স্মাৰক–পত্র প্রেৰণ কৰিছে অসম প্রদেশ কংগ্রেছ কমিটীয়ে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ নেতৃত্বত এটা সঁজাতী দলে ৰাজ্যপাল জগদীশ মুখীৰ জৰিয়তে ৰাষ্ট্রপতিলৈ এই স্মাৰক–পত্র প্রেৰণ কৰে৷ এই স্মাৰক–পত্রত প্রদেশ কংগ্রেছে কয় যে ভাৰত চৰকাৰে যোৱা ৩১ মে’লৈ মাত্র ২১,৩১ কোটি লোককহে ভেকচিন প্রদান কৰিছে৷

ইয়াৰে ৪.৪৫ কোটি ভাৰতীয়ইহে ভেকচিন দুয়োটা ড’জ লাভ কৰিছে৷ অর্থাৎ দেশৰ জনসংখ্যাৰ ৩.১৭ শতাংশইহে লাভ কৰিছে ক’ভিডৰ ভেকচিন৷ সেয়েহে ভেকচিন প্রদান প্রক্রিয়া দ্রুত কৰিবলৈ আহ্বান জনায় প্রদেশ কংগ্রেছে৷ তদুপৰি ভেকচিনৰ ক্ষেত্রত মূল্যৰ পার্থক্যও ৰাষ্ট্রপতিৰ দৃষ্টিগোচৰ কৰে প্রদেশ কংগ্রেছে৷ এই সঁজাতী দলটোত দেৱব্রত শইকীয়াক সংগ দিয়ে উপ–দলপতি ৰকিবুল হুছেইন, প্রদেশ কংগ্রেছৰ উপ–সভাপতি দ্বিজেন শর্মা আৰু প্রদেশ কংগ্রেছৰ কার্যবাহী সদস্য হিৰণ্য বৰাই৷

RELATED ARTICLES