peepl-small

Breaking: ক’ভিডত আক্ৰান্ত হৈ তামুলপুৰৰ UPPLৰ বিধায়ক লেহোৰাম বড়োৰ দেহাৱসান

PUBLISHED:

গুৱাহাটী: ইউপিপিএলৰ তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক বিয়োগ ৷ গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন বিষয়া বড়োৱে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ইউপিপিএল দলৰ পৰা জয়ী হৈ আহিছিল প্ৰাৰ্থীগৰাকী ৷ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল তামুলপুৰৰ বিধায়কগৰাকী ৷

বিধায়ক বড়োৰ মৃত্যুত বিটিআৰ অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে ।‌ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিধায়ক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।‌

উল্লেখ্য যে, গ্ৰামোন্নয়ন বিভাগৰ বিডিঅ’ হিচাপে চাকৰিত যোগ দিয়াৰ আগতে বড়োৱে শিক্ষকতা কৰিছিল ৷ ইয়াৰ লগতে এগৰাকী কুইজ পৰিচালক হিচাপেও জনপ্ৰিয় আছিল বিধায়ক লেহোৰাম বড়ো ।‌

RELATED ARTICLES