peepl-small

অ’এনজিচিৰ তিনি বিষয়া–কর্মচাৰী অপহৰণৰ আঁৰত আলফাৰ অভাৰগ্রাউণ্ড সদস্য

PUBLISHED:

গুৱাহাটীঃ চৰাইদেউ জিলাৰ লাকুৱা তৈলক্ষেত্রৰ অন্তর্গত জিজিএছ–৮ৰ সমীপৰ এটি ৰিগৰ পৰা পৰহি মাজনিশা পাঁচজনীয়া অস্ত্রধাৰী সন্দেহযুক্ত আলফাৰ সদস্যই তিনি অ’এনজিচি বিষয়াক অপহৰণৰ কৰি নিয়া ঘটনাৰ বুজ ল’বলৈ কালি ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ শীর্ষ বিষয়া জি পি সিং৷

অপহৰণ কাণ্ডৰ তদন্ত চোৱা–চিতা কৰাৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে ঘটনাস্থলী পৰিদর্শন কৰাৰ লগতে আৰক্ষীৰ তদন্ত প্রক্রিয়াৰ বুজ লয়৷ কোনো বিদ্রোহী সংগঠন অথবা আন কোনোৱে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আৰক্ষীৰ তদন্তত এই ঘটনা আলফা স্বাধীনৰ দ্বাৰা সংঘটিত হোৱা বুলি সদৰী কৰে জি পি সিঙে৷

ইতিমধ্যে অপহৰণৰ ঘটনাক কেন্দ্র কৰি শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে৷  তিনি গৃহৰক্ষী জোৱানৰ লগতে অপহূতক লৈ যোৱা এম্বুলেঞ্চখনৰ চালকক জিম্মাত লোৱাৰ বিপৰীতে কালি ৯জন লোকক ঘটনাৰ সৈতে যোগসূত্র থকাৰ সন্দেহত সোধা–পোছাৰ বাবে আটক কৰিছে৷

শিৱসাগৰ সদৰ থানাত ৰুজু কৰা ৪৯১/২০২১ নম্বৰৰ গোচৰত প্রশান্ত দত্ত, ৰাজেন চুতীয়া, বংশী বৰগোহাই, পুলিন বৰগোহাই, জিতেন গগৈ, শ্রীমন্ত লিকছন, বিমল লিকছন, মিণ্টু ফুকন আৰু কিৰণ ফুকনক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০বি/১২১/১২১এ/৩৮৭/৫১১/৩৪ৰ অধীনত আটক কৰা হৈছে৷

অপহৰণৰ ঘটনাৰ সৈতে জডিত সন্দেহযুক্ত আলফা সদস্যৰ সৈতে ফোনৰ যোগাযোগ, তথ্য প্রদানৰ উপৰি আন আন কার্যত সহায়ক হোৱাৰ সন্দেহত এইসকল লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

জি পি সিঙে সাংবাদিকৰ আগত কয় যে এই অপহৰণৰ ঘটনাৰ লগত আলফা স্বাধীন জডিত৷ আলফা স্বাধীনৰ সদস্যই কিছুসংখ্যক অভাৰ গ্রাউণ্ড সদস্যৰ সৈতে মিলি এই অপহৰণ কার্য সংঘটিত কৰিছে৷

RELATED ARTICLES