peepl-small

অসমত টাটাৰ চাহ বাগিচা বন্ধ কৰাৰ ভাবুকি আলফাৰ

PUBLISHED:

গুৱাহাটীঃ অসমত টাটা কোম্পানীৰ চাহ বাগিচা বন্ধ কৰাৰ কঠোৰ ভাবুকি প্ৰদান কৰিছে আলফা (স্বাধীন)-এ। শীঘ্ৰেই ‘টাটা টী’ৰ প্ৰশাসনিক কাৰ্যালয় গুৱাহাটীলৈ স্থানান্তৰ নকৰিলে অসমত থকা টাটা কোম্পানীৰ চাহ বাগিচাসমূহ বন্ধ কৰি দিয়াৰ সকীয়নি প্ৰদান কৰিছে বিদ্ৰোহী সংগঠনটোৱে।

গুৱাহাটীলৈ ‘টাটা টী’ৰ প্ৰশাসনিক কাৰ্যালয় স্থানান্তৰ কৰাৰ লগতে খিলঞ্জীয়াক নিযুক্তি প্ৰদান কৰিবলৈ কোম্পানীটোক নিৰ্দেশ দিছে আলফাই।

এক বিজ্ঞপ্তিযোগে অসমত থকা টাটা কোম্পানীৰ চাহ বাগিচা বন্ধ কৰাৰ ভাবুকি দিছে সংগঠনটোৱে। কোম্পানীটোৰ কোনো বিষয়াই অসমত ঘুৰা-ফুৰা কৰিব নোৱাৰিব বুলিও হুংকাৰ দিছে আলফাই।
বিজ্ঞপ্তিটোত উল্লেখ কৰামতে টাটা টীৰ এটা শাখা অসমত আছে যদিও তাত নিয়োজিত অধিকাংশ লোকেই অনা-অসমীয়া।

RELATED ARTICLES