peepl-small

ONGC ৰ ৩ কৰ্মচাৰীক অপহৰণ আলফা (স্বা)ৰ

PUBLISHED:

গুৱাহাটীঃ কুইপ’ৰ পিছত এইবাৰ ONGCৰ ৩ জনকৈ কৰ্মচাৰীক অপহৰণ কৰিছে আলফা(স্বাঃ)য়ে।

চৰাইদেউ জিলাৰ লাকুৱাৰ ৮ নং তৈল উৎপাদন ক্ষেত্ৰৰ পৰা পুৱতি নিশা প্ৰায় ১.৩০ বজাত অপহৰণ কৰিছে আলফা(স্বাঃ)য়ে।

অপহূত এই বিষয়াকেইজন হৈছে উৎপাদন বিভাগৰ কনিষ্ঠ টেকনিছিয়ান মোহিনীমোহন গগৈ, ৰিতুল শইকীয়া আৰু কনিষ্ঠ অভিযন্তা (জুনিয়ৰ ইঞ্জিনিয়াৰ) অলকেশ শইকীয়া।

ইয়াৰে মোহিনীমোহন গগৈৰ ঘৰ ডিমৌৰ নিতাই পুখুৰীত, অলকেশ শইকীয়াৰ ঘৰ যোৰহাটত আৰু ৰিতুল শইকীয়াৰ ঘৰ গোলাঘাট জিলাৰ বৰহোলাত।

উল্লেখ্য যে আলফাৰ ৫ জনীয়া এটা সশস্ত্ৰৰ দলে পুৱতি নিশা অপহৰণ কৰি নিয়ে এই বিষয়াকেইজনক।

RELATED ARTICLES