গুৱাহাটী: এজন ট্ৰেজিক নায়ক হিচাপে ৰাজ্যৰ ৰাজনীতিত পৰিণত হৈছিল তেওঁ৷ সংসদীয় ৰাজনীতিত কেইবাবাৰো প্রতিদ্বন্দ্বিতা কৰিও সফল হ’ব পৰা নাছিল৷ যাৰ বাবে ৰাজনৈতিক বিশ্লেষকসকলে ৰাজ্যৰ ৰাজনীতিৰ পৰা তেওঁ হেৰাই যাব বুলিয়ে মন্তব্য প্রকাশ কৰিছিল৷ পিছে বহু যুঁজৰ নায়ক এইগৰাকী ৰাজনৈতিক নেতাই সদ্যসমাপ্ত বিধানসভা নির্বাচনত জয়ী হৈ ৰাজনৈতিক বিশ্লেষকসকলৰ ধাৰণাক ভ্রান্ত হিচাপে প্রতিপন্ন কৰিবলৈ সক্ষম হ’ল৷
এইগৰাকী ৰাজনৈতিক নেতাই হৈছে বাক্সা জিলাৰ ৬৩নং চাপাগুৰি বিধানসভা সমষ্টিৰ বিজয়ী প্রার্থী তথা ৰাজ্যসভাৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ম৷ বডো জাতিৰ বিভিন্ন উত্থান–পতনৰ প্রত্যক্ষদর্শী তথা জাতিটোৰ হকে সর্বোচ্চ ত্যাগ কৰা এইগৰাকী উর্খাও গৌৰা ব্রহ্মই বিধানসভা নির্বাচনত বাক্সা জিলাৰ চাপাগুৰি বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হয়৷ ইউ জি ব্রহ্মই ৬১,৩০২টা ভোট লাভ কৰি বিপিএফৰ প্রার্থী তথা সমষ্টিটোৰ প্রাক্তন বিধায়ক হিতেশ বসুমতাৰীক ২৬,৫১৬টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে৷
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ দোতমাত ১৯৬৩ চনৰ ১ জুলাইত জন্মগ্রহণ কৰা উর্খাও গৌৰা ব্রহ্মই ১৯৮৩ চনত প্রথমে দোতমা আঞ্চলিক এবছুৰ সভাপতি হিচাপে ছাত্র সংগঠনৰ সৈতে জডিত হৈ পৃথক বডো ৰাজ্যৰ দাবীত সংগ্রামত অৱতীর্ণ হৈছিল৷ পৰৱর্তী সময়ত ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ এবছুৰ কেন্দ্রীয় সমিতিৰ সভাপতি হিচাপে কার্যনির্বাহ কৰে আৰু এবছুক বলিষ্ঠ নেতৃত্ব দি এবছুৰ সংগ্রামক আগুৱাই নিয়ে৷ ইয়াৰ পিছত তেওঁ ২০০২ চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত হয়৷
পৰৱর্তী সময়ত ইউ জি ব্রহ্মই বিপিপিএফ দল গঠন কৰে যদিও হাগ্রামা মহিলাৰীয়ে দলটোৰ পৰা আঁতৰি গৈ নতুনকৈ বিপিএফ দল গঠন কৰে৷ পিছত বিপিপিএফ দল ভংগ কৰি পিচিডিআৰ নামৰ আন এটা ৰাজনৈতিক দলৰ জন্ম দিয়ে৷ ইয়াৰ মাজতে ৰাজ্যসভাৰ প্রাক্তন সাংসদগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নির্বাচনত অংশ লৈ দুবাৰকৈ পৰাজিত হৈছিল৷ সেইদৰে পুনৰ পিচিডিআৰ ভংগ কৰি ২০১৫ চনত ইউপিপিএলৰ প্রতিষ্ঠাপক সভাপতি হিচাপে কার্যনির্বাহ কৰে ইউ জি ব্রহ্মই৷ কিন্তু ভগ্ণ স্বাস্থ্যৰ বাবে এবছুৰ পৰা অব্যাহতি লৈ ইউ পি পি এলত যোগদান কৰা প্রমোদ বড়োৰ হাতত দলৰ দায়িত্ব অর্পণ কৰি সভাপতি পদৰ পৰা অব্যাহতি লয়৷ তাৰ পিছতে ইউ জি ব্রহ্মৰ ৰাজনৈতিক জীৱন ইতি পৰিব বুলি ভবা হৈছিল যদিও এইবাৰ ইউপিপিএলৰ পৰা চাপাগুৰি সমষ্টিত প্রার্থিত্ব আগবঢ়াই তেওঁ বিধানসভালৈ নির্বাচিত হয়৷
উল্লেখ্য যে ৰাজ্যৰ ৰাজনীতিত সৎ, নিষ্ঠাৱান ৰাজনৈতিক নেতা হিচাপে পৰিচিত ইউ জি ব্রহ্ম একাধাৰে বড়ো ভাষাৰ এগৰাকী জনপ্রিয় কবিও৷ বডো ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰা ব্রহ্মই নিজৰ কবিতাপুথিৰ বাবে ২০১৪ চনত সাহিত্য অকাডেমি বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে৷ প্রণিধানযোগ্য যে ইউ জি ব্রহ্মক চাপাগুৰি সমষ্টিত দলে প্রার্থী হিচাপে প্রক্ষেপ কৰাত দলৰ ভিতৰচ’ৰাত বিসম্বাদৰো সৃষ্টি হৈছিল৷ আনকি চালানী মাছ বুলিও একাংশই ব্রহ্মক ইতিকিং কৰিছিল৷ পিছে এই বিষয়ত কোনো বিৰূপ মন্তব্য নকৰাকৈ তেওঁ দলীয় কর্মকর্তাক লগত লৈ নির্বাচনত অৱতীর্ণ হৈ বিপিএফৰ দুর্গস্বৰূপ চাপাগুৰি সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নির্বাচিত হয়৷