peepl-small

বানত প্লাৱিত ৩৬খন গাঁৱৰ ২৮২ হেক্টৰ কৃষিভূমি; লখিমপুৰত স্থাপন দুটা আশ্রয় শিবিৰ

PUBLISHED:

গুৱাহাটী: বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে–ফোটোকাৰে বাঢ়িছে ৰাজ্যৰ অধিকাংশ নদী৷ বহু স্থানত নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বিস্তীর্ণ ভূমি৷ জুনৰ আৰম্ভণিতে হোৱা প্রথমটো বানত ক্ষতিগ্রস্ত হৈছে বহু অঞ্চল৷

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা  প্রাধিকৰণৰ তথ্য অনুসৰি, বছৰৰ প্রথমটো বানত ৰাজ্যখনৰ ৩৬খন গাঁৱৰ মুঠ ২৮২.৫ হেক্টৰ ভূমি প্লাৱিত হৈছে৷ সেই অনুসৰি বিশ্বনাথৰ ১০খন গাঁও, বঙাইগাঁও–ধেমাজিৰ তিনিখনকৈ গাঁও, লখিমপুৰৰ ১২খন আৰু মাজুলীৰ ৮খন গাঁও বানৰ কবলত পৰিছে৷ এই গাঁওসমূহত মুঠ ৩০,১৫৩জন লোক বানত আক্রান্ত হৈছে৷ সর্বাধিক লখিমপুৰৰ ২৯,৭১৯জন লোক বানত ক্ষতিগ্রস্ত হৈছে৷

ইতিমধ্যে জিলা প্রশাসনে লখিমপুৰত দুটা আশ্রয় শিবিৰ স্থাপন কৰিছে৷ তদুপৰি জিলাখনত স্থাপন কৰা হৈছে দুটা বান সাহায্য শিবিৰো৷ ইফালে, নদীৰ বাঢ়নী পানীয়ে বিশ্বনাথ আৰু নলবাৰী জিলাত মুঠ চাৰিটা স্থানত মথাউৰি ভাঙি বিস্তৃর্ণ অঞ্চল প্লাৱিত কৰিছে৷ গহপুৰত ডুবিয়া নদীয়ে ডুবিয়া গাঁৱত, হেলেমত মধ্য ছত্রং আৰু ব্রহ্মজানৰ ৰংগলীয়াত মথাউৰি ভাঙি বিস্তীর্ণ অঞ্চল বাঢ়নী পানীয়ে ডুবাই পেলাইছে৷

সেইদৰে বাঢ়নী পানীয়ে নলবাৰী টিহুৰ এগ্রিবান্ধত মৰাপাগলাদিয়া নদীয়ে মথাউৰি ভাঙিছে৷ একেদৰে ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঢ়নী পানীয়ে ক্ষতিগ্রস্ত কৰিছে পথ আৰু দলঙৰ৷ প্রাধিকৰণৰ তথ্য অনুসৰি বৰপেটা, বঙাইগাঁও, ধেমাজি আৰু নলবাৰীত পথৰ ক্ষতি কৰাৰ লগতে ওদালগুৰিত দুখন দলং উটুৱাই লৈ গৈছে৷ প্রাপ্ত তথ্য অনুসৰি ওদালগুৰিৰ হৰিশিঙা–বুৰবতি সংযোগী আৰচিচি দলং আৰু ঢেকীয়াবাৰীৰ আৰচিচি দলং ক্ষতিগ্রস্ত কৰিছে বাঢ়নী পানীয়ে৷ বাক্সা, লখিমপুৰ আৰু ওদালগুৰিত কেইবাস্থানতো বাঢ়নী পানীয়ে উটুৱাই নিছে কালভার্ট৷ সেইদৰে বাক্সা, বৰপেটা, বিশ্বনাথ, গোৱালপাৰা আৰু নলবাৰীত বানপানীৰ সমান্তৰালকৈ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷

উল্লেখ্য যে বছৰৰ প্রথমটো বানত ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে ৰাজ্যৰ কৃষকসকল৷ বহু স্থানত কঠীয়াতলী ডুবাই পেলাইছে বাঢ়নী পানীয়ে৷

RELATED ARTICLES