গুৱাহাটীঃ এক শিহৰণকাৰী অভিযান চলাই গড়ভাংগা বনাঞ্চলৰ পৰা অপহূত হোৱা দুই ঠিকাদাৰক আৰক্ষীয়ে আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল৷ এই অভিযানত আৰক্ষীয়ে এজন অপহৰণকাৰীক গ্রেপ্তাৰ কৰে যদিও আন এজন পলাই যায়৷ পলাই যোৱা অপহৰণকাৰীজনলৈ আৰক্ষীয়ে গুলীচালনা কৰাত গুলাবিদ্ধ হয় যদিও পলাবলৈ সক্ষম হয়৷
উল্লেখ্য যে যোৱা ৩০ জুনত গড়ভাংগা বনাঞ্চলত গছপুলি ৰোপণৰ কাম চাবলৈ যোৱা জয়ন্ত কছাৰী আৰু কুশল কলিতা নামৰ বন বিভাগৰ ঠিকাদাৰ দুজন সন্ধানহীন হৈ পৰিছিল৷ ইয়াৰে জয়ন্ত কছাৰী হ’ল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলশালি৷ দুয়োজনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে জয়ন্ত কছাৰীৰ পৰিয়াললৈ ফোন কৰি এজন অজ্ঞাত ব্যক্তিয়ে দুয়োজনকে অপহৰণ কৰা বুলি দাবী কৰি এক কোটি টকাৰ মুক্তিপণ বিচাৰে৷
আৰক্ষীয়ে এই ফোনক’লৰ তথ্যৰ আধাৰতে কালি নিশা অভিযান চলাই ছয়গাঁৱৰ জয়শিমলিৰ পৰা আইনুল হক, মনিৰুল হক আৰু মাজেদা খাতুন নামৰ তিনিজনক আটক কৰে৷ অৱশ্যে এই অভিযানৰ সময়তো ঘটনাৰ লগত জড়িত মাজেদা খাতুনৰ স্বামী হাছেন আলী পালবলৈ সক্ষম হয়৷ হাছেন আলীয়ে জয়ন্ত কছাৰীৰ ঘৰলৈ ফোন কৰি ধন দাবী কৰিছিল৷ এই অভিযানৰ পাছতে আজি আৰক্ষীয়ে ধন দাবী কৰা অজ্ঞাত ব্যক্তিৰ সৈতে জয়ন্ত কছাৰীৰ পৰিয়ালক যোগাযোগ অব্যাহত ৰাখিবলৈ পৰামর্শ দি অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ এক পৰিকল্পনা প্রস্তুত কৰে৷
সেই অনুসৰি দ্বিতীয়বাৰৰ বাবে অপহৰণকাৰীয়ে জয়ন্ত কছাৰীৰ পৰিয়াললৈ ফোন কৰি মুক্তিপণ বিচৰাত পৰিয়ালৰ লোকে ধন দিবলৈ ৰাজী হয় আৰু বিনিময়ত দুয়োজনকে সুস্থ শৰীৰে ওভতাই দিবলৈ অনুৰোধ কৰে৷ পৰিয়ালৰ লোকৰ এনে আগ্রহ দেখিয়েই মুক্তিপণ লৈ অসম–মেঘালয় সীমান্তৰ ৰাণীৰ সমীপৱর্তী এক দুর্গম স্থানত থকা এটা গণেশ মন্দিৰৰ ওচৰলৈ মাতি পঠিয়ায়৷ অপহৰণকাৰীয়ে দিয়া এই ঠিকনাত পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পূর্বেই আৰক্ষীৰ এনকাউণ্টাৰ স্পেচিয়েলিষ্টৰ এটা দলে উক্ত স্থানত খাপ পিটি ৰয়৷ নির্দিষ্ট সময়ত অপহৰণকাৰীৰ দুজনীয়া দলে জয়ন্ত কছাৰী আৰু কুশল কলিতাক সেই স্থানলৈ লৈ আহি পৰিয়ালৰ হাতৰ পৰা মুক্তিপণ লোৱাৰ সময়তে খাপ পিটি থকা আৰক্ষীৰ দলক দেখি পলাবলৈ লয়৷ আৰক্ষীয়ে লগে লগে অপহৰণকাৰীলৈ গুলীচালনা কৰাত এজন অপহৰণকাৰী গুলীবিদ্ধ হয় যদিও পলাই যায়৷
অৱশ্যে আৰক্ষীয়ে ঘটনাস্থলীতে ভদ্রেশ্বৰ তিমুং নামৰ অপহৰণকাৰীজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি সমগ্র অপহৰণ কাণ্ডত জড়িত হৈ আছে কেইবাজনো লোক৷ তদন্তৰ খাটিৰত আৰক্ষীয়ে সবিশেষ প্রকাশ কৰা নাই যদিও অচিৰেই অপহৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ডসহ ইয়াৰ সৈতে জড়িত আটাইকেইজন লোক গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷
স্মর্তব্য যে যোৱা ৩০ জুনত অপহৰণ কৰা জয়ন্ত কছাৰী আৰু কুশল কলিতাক গড়ভাংগা বনাঞ্চলৰ পৰা উভতি অহাৰ সময়তে এটা দলে অপহৰণ কৰি চকু আৰু হাতত বান্ধি অজ্ঞাত স্থানলৈ লৈ গৈছিল বুলি আজি মন্তব্য কৰে উদ্ধাৰ হোৱা দুয়োজনে৷ মহানগৰ আৰক্ষীৰ অপৰাধীৰ বিৰুদ্ধে এয়া বৃহৎ সফলতা ৰূপে চিহ্ণিত হৈছে৷