peepl-small

আৰক্ষীৰে সংঘৰ্ষত নিহত আলফা(স্বা) দুৰ্ধৰ্ষ কেডাৰ

PUBLISHED:

গুৱাহাটীঃ  বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ বজাত বঙাইগাঁওৰ মাণিকপুৰত আলফা(স্বা) আৰু আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় আলফা(স্বা)ৰ নেতা দ্বীপেন সাউদ ৷

উল্লেখ্য যে আৰক্ষীৰে চলা এই সংঘৰ্ষত দ্বীপেন সাউদৰ সতীৰ্থ পদুম ৰায় নামৰ এজন সদস্যক অস্ত্ৰৰ সৈতে জীৱন্তে আটক কৰে অভিযানকাৰী দলে।

নিহত আলফা নেতা দ্বীপেন সাউদৰ ঘৰ বৰপেটা জিলাৰ সৰভোগত বুলি জানিব পৰা গৈছে।আৰক্ষীৰ সফল অভিযানৰ অন্তত উক্ত ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা পিষ্টল আৰু এটা হেণ্ড গ্ৰেণেড।

জানিব পৰা মতে, বৰ্তমান সাউদৰ মৃতদেহটো বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

আৰক্ষীৰ মতে আত্মসমৰ্পণ কৰা দুৰ্ধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাৰ স্থানত দ্বীপেন সাউদক আলফা(স্বাঃ)ৰ ৱেষ্টাৰ্ণ কমাণ্ডাৰ হিচাপে নিযুক্তি দিছিল।

আৰক্ষীৰ গুলী লগাৰ ফলতেই দুৰ্ধৰ্ষ সদস্য জনৰ মৃত্যু হোৱা বুলি জানিব পৰা যায়।

উল্লেখ্য যে অসম আৰক্ষীয়ে জানিব দিয়া অনুসৰি ৱেষ্টাৰ্ণ কমাণ্ডাৰ গৰাকীৰ নেতৃত্বত নামনি অসমত এটা ডাঙৰ অপহৰণ কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু  আৰক্ষীয়ে ইয়াক বিফল কৰিলে।

RELATED ARTICLES