peepl-small

ইমান দীঘল সঁচাকৈয়ে? বিশ্বৰ আটাইতকৈ দীঘল জিভা থকা ভাৰতীয় যুৱকজন

PUBLISHED:

গুৱাহাটীঃ বিভিন্ন বিস্ময়কৰ তথ্যই মানুহক আমোদ দি আহিছে। বিশেষকৈ সময়ে-সময়ে গঢ়া অভিলেখবোৰে মানুহক ৰস দিয়ে।

তেনে এক আমোদজনক অভিলেখৰে অধিকাৰী হৈছে এজন ভাৰতীয় যুৱক। তেওঁৰ আছে বিশ্বৰ আটাইতকৈ দীঘল জিভা।

তামিলনাডুৰ যুৱকজনৰ জিভাখনৰ দৈৰ্ঘ্য ১০.৮ চেণ্টিমিটাৰ।
বিৰুদুনাগৰ জিলাৰ বিশ বছৰীয়া যুৱকজন অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ছাত্ৰ। কে প্ৰবীণ নামৰ যুৱকজনৰ জিভাখন বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল বুলি গণ্য কৰা হৈছে। কিয়নো গীনিজ বুক অৱ্ ৰেকৰ্ডত এতিয়ালৈকে থকা অভিলেখত আটাইতকৈ দীঘল জিভাখনৰ দৈৰ্ঘ্য ১০.১ চেণ্টিমিটাৰ।
অলপতে ইণ্ডিয়া বুক অৱ্ ইনফৰ্মেশ্যনে তামিলনাডুৰ যুৱকজনক স্বীকৃতি দিয়া বুলি বাতৰি প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে সাধাৰণতে পুৰুষৰ জিভাৰ দৈৰ্ঘ্য প্ৰায় ৮.৫ চেণ্টিমিটাৰ আৰু মহিলাৰ প্ৰায় ৭.৯ চেণ্টিমিটাৰ থাকে।

Picture: NewsBytes

RELATED ARTICLES