peepl-small

মঙলবাৰে নির্ণয় হ’ব ৬ মন্ত্রীসহ ৩৩৭ প্রার্থীৰ ভাগ্য

PUBLISHED:

গুৱাহাটীঃ আজি বিয়লি ৬ বজাৰ লগে লগে সামৰণি পৰিব ৰাজ্যখনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনী প্রচাৰ অভিযানৰ৷

 দেশৰ নির্বাচন আয়োগে ইতিমধ্যে স্পষ্ট কৰি দিছে যে নির্বাচনী প্রচাৰৰ সময় অন্ত পৰাৰ লগে লগে কোনো ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পর্কীয় কোনো সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰিব নোৱাৰিব৷

উল্লেখ্য যে তৃতীয় পর্যায়ৰ নির্বাচনত মুঠ ৩৩৭গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ নির্বাচনী যুঁজত অৱতীর্ণ হোৱা ৰথী–মহাৰথীসকলৰ ভিতৰত আছে ৬ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, সিদ্ধার্থ ভট্টচার্য, চন্দ্রমোহন পাটোৱাৰী, চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম, ফণীভূষণ চৌধুৰী৷

সেইদৰে বিজেপিৰ বিধায়ক অতুল বৰা, ৰঞ্জিত কুমাৰ দাস, নাৰায়ণ ডেকা, সুমন হৰিপ্রিয়া, অশ্বিনী ৰায় সৰকাৰ, অশোক কুমাৰ সিংঘী, প্রাক্তন বিধায়ক বনেন্দ্র কুমাৰ মুছাহাৰী, কংগ্রেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, আবুল কালাম ৰছিদ আলম, আব্দুৰ ৰছিদ মণ্ডল, শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, শুকুৰ আলী আহমেদ, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, প্রাক্তন বিধায়ক যতীন মালী, প্রদেশ কংগ্রেছৰ সম্পাদক প্রদীপ সৰকাৰ, অসীমা বৰদলৈ, মীৰা বৰঠাকুৰ গোস্বামী, মনজিৎ মহন্ত, অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, গুণীন্দ্র নাথ দাস, প্রাক্তন বিধায়ক ভূপেন ৰায়, জ্যোতিষ দাস, জ্যোতিপ্রসাদ দাস, ডাঃ কমলা কলিতা, এআইইউডিএফৰ বিধায়ক নজৰুল হক, নিজানুৰ ৰহমান, হাফিছ বছিৰ আহমেদ কাছিমী, ৰফিকুল ইছলাম, বিপিএফৰ বিধায়ক মাজেন্দ্র নার্জাৰী, ৰবিৰাম নার্জাৰী, কমল সিং নার্জাৰী, প্রাক্তন বিধায়ক হিতেশ বসুমতাৰী, ইউপিপিএলৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ম, সোমনাথ নার্জাৰী, মনোৰঞ্জন ব্রহ্ম, লৰেঞ্চ ইছলাৰী, জয়ন্ত বসুমতাৰী, লেহৰাম বড়ো, ভূপেন বড়ো, অসম জাতীয় পৰিষদৰ প্রার্থী বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, প্রাক্তন বিধায়ক পবিন্দ্র ডেকা, অদীপ ফুকন, দুলু আহমেদ, চিপিআই (এম)ৰ মনোৰঞ্জন দাস, তৃণমূল কংগ্রেছৰ গোপীনাথ দাস আদি৷ সেইদৰে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া এই নির্বাচনত বৰমা সমষ্টিৰ পৰা নির্দলীয় হিচাপে অৱতীর্ণ হৈছে৷

একেদৰে আছুৰ প্রাক্তন সভাপতি শংকৰ প্রসাদ ৰায় বঙাইগাঁৱত কংগ্রেছ প্রার্থী হিচাপে আৰু সদৌ অসম কর্মচাৰী পৰিষদৰ প্রাক্তন সম্পাদকপ্রধান চৰণ চন্দ্র ডেকা দিছপুৰ সমষ্টিৰ পৰা নির্দলীয় হিচাপে নির্বাচনত অৱতীর্ণ হৈছে৷ আনহাতে, প্রাক্তন মন্ত্রী মহিবুল হক, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, ৰছুল হক, দীপক ৰাভা, আবুল কালাম আজাদ, আবু তাহেৰ বেপাৰী এইবাৰ নির্দলীয় হিচাপে নির্বাচনী যুঁজত নামিছে৷

RELATED ARTICLES