peepl-small

হাইলাকান্দিত পুনৰ আগ্রাসন মিজোৰঃ সীমান্তৱর্তী কচুৰতলত কালভার্ট নির্মাণক লৈ উত্তেজনা

PUBLISHED:

দীর্ঘদিনীয়া সীমা বিবাদক লৈ অসম–মিজোৰামৰ মাজত আলোচনা অব্যাহত থকাৰ সময়তে এইপর্যন্ত অসমৰ ভূমিত মিজোৰ আগ্রাসী স্থিতি এৰা নাই চুবুৰীয়া ৰাজ্যখনে৷ কাছাৰ জিলাৰ লাইলাপুৰৰ উত্তেজনাময় ঘটনাৰ পাছত দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত আলোচনা অব্যাহত থকাৰ সময়তে হাইলাকান্দি জিলাত বাৰে বাৰে অসম ভূমি বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে আগ্রাসী মিজোৱে৷

শেহতীয়াকৈ জিলাখনৰ কচুৰতলৰ জোফাই এলেকাৰ ৬নং ৰাষ্ট্রীয় ঘাইপথৰ সৈতে সংযোগ স্থাপনৰ বাবে এটা গ্রাম্য পথত কালভার্ট নির্মাণৰ চেষ্টা চলাইছে মিজো বাহিনীয়ে৷ উল্লেখ্য যে এই কালভার্ট নির্মাণক লৈ দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত দীর্ঘদিনীয়া সংঘাত চলি আহিছিল৷ দুবছৰ পূর্বে একাংশ মিজো লোকে কচুৰতলৰ মছজিদৰ সংলগ্ণ স্থানত এই কালভার্টটো নির্মাণৰ চেষ্টা চলাইছিল৷ কিন্তু সেই সময়ৰ হাইলাকান্দি জিলাৰ উপায়ুক্ত আদিল খানে বিশেষ তৎপৰতাৰে এই কালভার্ট নির্মাণৰ কাম বন্ধ ৰাখিছিল৷ উপায়ুক্ত আদিল খানে সেই সময়ত উক্ত কালভার্ট নির্মাণৰ বাবে মিজো লোকক ভাবুকিও প্রদান কৰিছিল৷ তাৰ পাছত দুবছৰ ধৰি কালভার্টটো নির্মাণৰ কাম বন্ধ থাকে যদিও যোৱা শুকুৰবাৰে একাংশ মিজো লোকে সীমান্ত অতিক্রমি অসমত প্রৱেশ কৰাৰ লগতে বিতর্কিত কালভার্টটো নির্মাণৰ কাম আৰম্ভ কৰে৷

আগ্রাসী মিজো বাহিনীৰ এনে কার্যৰ খবৰ পোৱাৰ লগে লগে ৰাজনাথপুৰৰ আৰক্ষীৰ এটা বাহিনী উক্ত স্থানত উপস্থিত হৈ নির্মাণৰ বাবে ব্যৱহাৰ কৰা পাঁচ কুইণ্টল ৰড জব্দ কৰে৷ ইয়াৰ পাছতো শনিবাৰে পুনৰ মিজো লোকে কালভার্ট নির্মাণৰ কাম আৰম্ভ কৰে৷ কালি বিয়লি অসম আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে মিজো বাহিনীটো উক্ত স্থানৰ পৰা আঁতৰি যায়৷ ইতিমধ্যে কালভার্ট নির্মাণ কৰা বিতর্কিত স্থানত অসম আৰক্ষীৰ বৃহৎ বাহিনী এটা মোতায়েন কৰা হৈছে যদিও এই ঘটনাক লৈ সমগ্র অঞ্চলটোত তীব্র উত্তেজনা অব্যাহত আছে৷

RELATED ARTICLES