peepl-small

দৰঙৰ বালিপোতাত চিপ লৈ শিক্ষয়িত্রীৰ আত্মহত্যাঃ তিনিজন লোকৰ বিৰুদ্ধে এজাহাৰ স্বামীৰ

PUBLISHED:

গুৱাহাটী: দৰঙৰ বালিপোতাৰ এগৰাকী জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্রী তথা এটি সন্তানৰ মাতৃয়ে নিজ গৃহতে চিপ লৈ আত্মহননৰ পথ বাছি লোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আত্মহননৰ পূর্বে শিক্ষয়িত্রীগৰাকীয়ে ৩জনকৈ ব্যক্তিক দোষাৰোপ কৰি ৰঙা চিয়াঁহীৰে ছুইচাইড নোট লিখি এই ঘটনা সন্দর্ভত মঙলদৈ থানাত এখন এজাহাৰো দাখিল কৰা হৈছে৷ লক্ষণীয় যে সোমবাৰে ফুট গধূলিতে দৰং জিলাৰ মঙলদৈ থানাৰ অন্তর্গত বালিপোতা গাঁৱৰ এটি সন্তানৰ মাতৃ তথা ভূপেন হাজৰিকা জাতীয় বিদ্যালয় বালিপোতাৰ শিক্ষয়িত্রী দীপাঞ্জলি কাশ্যপে ৰান্ধনী ঘৰত পিন্ধি থকা চাদৰেৰে চিপ লয়৷

বালিপোতা গাঁৱৰ মহেন্দ্র ভাগৱতীৰ পত্নী দীপাঞ্জলি কাশ্যপে সন্ধিয়া ঘৰত মানুহ বিভিন্ন কামত থকাৰ সুযোগ গ্রহণ কৰি নিজৰ পাকঘৰত চাদৰেৰে চিপ লোৱা স্বামীয়ে প্রত্যক্ষ কৰে৷ ভাগৱতীয়ে লগে লগে ৰছী কাটি মহিলাগৰাকীক দেওমৰনৈ চিকিৎসালয়লৈ লৈ যায়৷ কিন্তু চিকিৎসালয়ত চিকিৎসকে দীপাঞ্জলি কাশ্যপক মৃত ঘোষণা কৰে৷ পিছলৈ শিক্ষয়িত্রীগৰাকীৰ মৃতদেহ মঙলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় আৰু আজি পৰীক্ষা সম্পন্ন কৰি নিজগৃহলৈ অনা হয়৷

ইপিনে, দীপাঞ্জলিৰ স্বামী মহেন্দ্র ভাগৱতীয়ে শিক্ষয়িত্রীগৰাকীয়ে লিখি থৈ যোৱা ছুইচাইড নোট উদ্ধাৰ কৰি মঙলবাৰে আবেলিৰ ভাগত তিনিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ ইতিমধ্যে পৰিয়ালৰ লোকে শেষকৃত সম্পন্ন কৰি এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে তদন্ত চলোৱাটো নিশ্চিত হৈছে৷ কিন্তু দীপাঞ্জলিয়ে কি কাৰণত এনেদৰে তিনিজনৰ বিৰুদ্ধে ছুইচাইড নোট লিখি আত্মহত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পূর্বেই স্থানীয় এলেকাত চর্চাৰ বিষষ হৈ পৰিছে৷ মন কৰিবলগীয়া যে দীপাঞ্জলিয়ে মৃত্যুৰ সময়ত সপ্তম শ্রেণীত অধ্যয়ন কৰি থকা পুত্র সন্তানসহ স্বামী শাহু–শহুৰৰ লগতে আত্মীয়–স্বজনক এৰি থৈ গৈছে৷

RELATED ARTICLES