peepl-small

চাহ জনগোষ্ঠীৰ ছাত্রীয়ে দ্বিতীয় বিভাগত উত্তীর্ণ হ’লেই পাব স্কুটী: ড০ হিমন্ত বিশ্ব শর্মা

PUBLISHED:

গুৱাহাটী: ‘ৰাইজ আপোনালোকে যেনেদৰে উলহ–মালহেৰে ফাকুৱা খেলিলে তেনেদৰে ১ তাৰিখে পদুম ফুলতো ফাকুৱা খেলিব৷ কোনোধৰণৰ বাছনি নোহোৱাকৈ পোনপটীয়াকৈ প্রতিগৰাকী দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে মাহত ৮৩০ টকাৰ পৰিৱর্তে ৩,০০০ টকাকৈ দিয়া হ’ব৷’ –এই মন্তব্য ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মঙলবাৰে পাঁচনৈ ছেৰফাং মণ্ডল বিজেপিৰ উদ্যোগত মাজবাট মহিলা উদ্যোগ প্রশিক্ষণ কেন্দ্রৰ খেলপথাৰত অনুষ্ঠিত বিজেপি প্রার্থী জিতু কিষাণৰ বিশাল নির্বাচনী প্রচাৰ সভাত ‘নেডা’ৰ আহ্বায়ক তথা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ শর্মাৰ উপস্থিতিয়ে ৰাইজক উৎসাহিত কৰে৷

তেওঁৰ আগমনৰ লগে লগে সকলোৱে বিজেপি জিন্দাবাদ ধ্বনি দি একেলগে নৃত্য কৰিলে৷ ৰাইজক সম্বোধন কৰি মন্ত্রী ড০ শর্মাই কয়– এইবাৰ ২০২১ বর্ষৰ বিধানসভা নির্বাচনত এক উছৱমুখৰ পৰিৱেশ দেখা গৈছে৷ সকলো ৰাইজ আনন্দত মতলীয়া হৈ হিলদ’ল ভাঙি ওলাই আহিব ধৰিছে৷ ইয়াত জাতি–ভেদ–ধর্মৰ কথা নাই সকলোৱে নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰা বহু উপকৃত হৈছে সেইবাবেই ৰাইজ ওলাই আহিছে৷ ৰাইজৰ উপস্থিতি, উৎসাহ, উদ্দীপনা দেখি মোৰ দায়িত্ব এতিয়া দুগুণ বৃদ্ধি হ’ল৷’

মন্ত্রীগৰাকীয়ে আজমল মালিকানাধীন নাঙল মিউজিয়ামলৈ আৰু পদুম ফুল দিছপুৰলৈ যাব বুলি মন্তব্য কৰে৷ মহিলাসকলে বন্ধন বেংক আৰু মাইক্র’ফাইনেঞ্চৰ পৰা লোৱা ঋণ ২ মে’ৰ পিছত বিজেপি চৰকাৰে পৰিশোধ কৰাৰ দায়িত্ব লোৱা বুলিও মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ তেওঁ লগতে কয় যে আত্মসহায়ক গোটসমূহে পূর্বে পাই থকা ২৫–৫০ হাজাৰৰ পৰিৱর্তে আগন্তুক দিনত তাৰ পৰিমাণ হ’ব ১–২ লাখ৷ উচ্চতৰ মাধ্যমিকৰ ছাত্রীসকলক স্কুটী দিয়াৰ দৰে চলিত বর্ষৰ পৰা স্নাতক আৰু স্নাতকোত্তৰৰ ছাত্রীসকলকো স্কুটী প্রদান কৰিব বিজেপি চৰকাৰে৷ চাহ জনজাতিৰ ছাত্রীৰ ক্ষেত্রত দ্বিতীয় বিভাগত উত্তীর্ণ হ’লেই এই সুবিধা লাভ কৰিব পাৰিব৷

ইয়াৰ উপৰি চলিত বর্ষত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিনামূলীয়াকৈ এক লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিৰ নিয়ুক্তি–পত্র প্রদান কৰিব আৰু যিসকলে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰিব লাগিব সেইসকলক স্বয়ম আঁচনিৰ জৰিয়তে প্রতিবছৰত ৫০ হাজাৰকৈ ৫ বছৰ দিয়া হ’ব৷ ১৭ বছৰে বিটিচিখনক লুটিপুতি খোৱা সম–ধিকাৰ, সম–উন্নয়ন, সম–বিকাশ, ভূমি অধিকাৰ, মাটি কিনা–বেচা কৰাৰ অধিকাৰ, মাটিৰ পট্টা, বিদ্রোহী সংগঠনৰ সমস্যা আদিৰ কথা চিন্তা বা কল্পনা কৰিব নোৱাৰা হাগ্রামাই আজমলৰ সৈতে মিতিৰালি কৰি এতিয়া বিটিচিত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীকে সকলো সুবিধা দিম বুলি কৈছে৷ কিন্তু হাগ্রামাই এজন অন্য সম্প্রদায়ৰ ব্যক্তিক বিধানসভাত বিটিচিৰ বাৰটা সমষ্টিৰ ভিতৰত প্রার্থিত্ব দিছে নেকি সেয়া দেখুৱাই দিবলৈ ড০ শর্মাই প্রত্যাহ্বান জনায়৷ ১৭ বছৰে বিটিচিবাসীয়ে হাগ্রামাৰ ভয়ত দিন অতিবাহিত কৰিবলগীয়াত পৰিছিল৷

এতিয়া আৰু হাগ্রামাই একো কৰিব নোৱাৰে বুলি বিটিচিবাসীক সাহস দিয়ে ড০ শর্মাই৷ ড০ শর্মাই চাহ শ্রমিকসকলৰ দিন মজুৰি ২১৭ টকাৰ লগতে প্রতিমাহে বেংক পাছবুকৰ জৰিয়তে ১০০০ টকাকৈ প্রদান কৰা হ’ব বুলিও কথা দিয়ে৷ তেওঁ লগতে কয় যে এচাম ধুৰন্ধৰ লোকে অন্য ৰাজনৈতিক দলৰ পৰা টকা লৈ ডি ভোটাৰ আৰু এনআৰচিৰ কথা কৈ বিজেপিৰ বিৰুদ্ধে অপপ্রচাৰ কৰি আছে৷ এই ধুৰন্ধৰ ব্যক্তিসকলৰ সময়সীমা ১ তাৰিখলৈ, তাৰ পিছত উন্নয়নৰ আঁচনি মোদীয়ে ঘোষণা কৰিব৷ মাজবাটবাসীৰ উন্নয়নৰ দায়িত্ব নৰেন্দ্র মোদী, অমিত শ্বাহ, সর্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শর্মা আৰু দিলীপ শইকীয়াৰ৷ কোকৰাঝাৰত দীপক মৌৰ, দিছপুৰত জিতু কিষাণ আৰু দিল্লীত দিলীপ শইকীয়া থাকিব৷ উন্নয়ন হ’বই, তদুপৰি অসম ভাৰতৰ পাঁচখন উল্লেখযোগ্য ৰাজ্যৰ ভিতৰত এখন হ’ব৷

তেজপুৰ সাংসদ পল্লৱলোচন দাস, মার্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শর্মা, বৰছলাৰ বিধায়ক গণেশ লিম্বুৱে ভাষণ প্রদান কৰা বিশাল গণ সমাৱেশখনত গণ সুৰক্ষা পার্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুতুল চন্দ্র ডেকা, অসম গণ পৰিষদৰ ভানু চাহু, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক বাটাছ ওৰাং, প্রহ্লাদ গোৱালা, পৱন বেদিয়া, সমষ্টি বিস্তাৰক ভৱেশ ডেকা, ৰাধেশ্বৰী বসুমতাৰী, মনোৰঞ্জন সৰকাৰ, প্রাক্তন জিলা সভাপতিদ্বয় কেশৱ চন্দ্র বৰুৱা, শৰৎ চন্দ্র বসুমতাৰী, সমষ্টি তত্ত্বাৱধায়ক মনীষ যাদৱ, ৰৌতা মণ্ডলৰ সভাপতি ৰবীন দৈমাৰী, ধনশ্রী মণ্ডলৰ সভাপতি মিণ্টু দৈমাৰী, পাঁচনৈ ছেৰফাঙৰ পৰিষদীয় সদস্য দীপক মৌৰৰ লগতে অগণন লোকৰ সমাৱেশ ঘটে৷

RELATED ARTICLES