peepl-small

৬ এপ্রিলতে হ’ব তামুলপুৰ সমষ্টিৰ ভোটগ্রহণ

PUBLISHED:

গুৱাহাটী: বিপিএফৰ আর্জি নস্যাৎ কৰিলে নির্বাচন আয়োগে৷ অহা ৬ এপ্রিলতেই অনুষ্ঠিত হ’ব তামুলপুৰ বিধানসভা সমষ্টিৰ ভোট৷ উল্লেখ্য যে সমষ্টিটোৰ ভোটগ্রহণ প্রক্রিয়া স্থগিত ৰখাৰ বাবে বিপিএফে নির্বাচন আয়োগক আবেদন জনাইছিল৷ বিপিএফৰ তৰফৰ পৰা কোৱা হৈছিল যে তামুলপুৰৰ দলীয় প্রার্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে প্রৰোচনাত ভোল গৈ যোৱা এক এপ্রিলত বিজেপিত যোগদান কৰিছে৷

সেয়েহে তামুলপুৰৰ ভোটগ্রহণ প্রক্রিয়া স্থগিত ৰাখিব লাগে৷ কিন্তু নির্বাচন আয়োগে এই আবেদন কার্যতঃ নস্যাৎ কৰি স্পষ্ট কৰি দিয়ে যে যদি কোনো স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্রার্থীৰ বিয়োগ ঘটে, তেতিয়াহে ভোটগ্রহণ স্থগিত ৰখা বা প্রার্থী পৰিৱর্তনৰ বাবে আইনে অনুমতি দিয়ে৷ এইক্ষেত্রত ৰি–প্রেজেণ্টেচন অৱ দ্য পিপল এক্ট–১৯৫১ৰ ৫২নং ধাৰাৰ কথা উল্লেখ কৰা হৈছে৷

RELATED ARTICLES