peepl-small

তৃণমূল কংগ্ৰেছত যোগদান কৰিব সুস্মিতা দেৱে! অসমত দলটোৰ নেতৃত্ব ল’ব সুস্মিতাইঃ সূত্ৰ

PUBLISHED:

সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰা সুস্মিতা দেৱে অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব। তেওঁ অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিব। এক বিশেষ সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে।

অসমৰ নেত্ৰীগৰাকীয়ে বৰ্তমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক লগ কৰিবলৈ কলকাতাত আছে। টিএমচিৰ এটা সূত্ৰই জনোৱা মতে, ‘যদি তেওঁ যোগদান কৰে, তেন্তে তেওঁ অসমত তৃণমূল কংগ্ৰেছক নেতৃত্ব দিব।’

ইতিমধ্যে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দল ত্যাগৰ বিষয়ে অৱগত কৰি এক পত্ৰ প্ৰেৰণ কৰিছে। শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিবলৈ এক মহাজোঁট প্ৰস্তুত কৰি প্ৰতিদ্বন্দিতা কৰিছিল যদিও বিজেপিক পুনৰ ক্ষমতালৈ অহাৰ পৰা বাধা দিব নোৱাৰিলে।

Also Read: জনস্বাস্থ্যলৈ ভাবুকিঃ জিএমচিৰ অনুজ্ঞা–পত্র অবিহনে মহানগৰীত মাছ–মাংসৰ বিক্রী নিষিদ্ধ

RELATED ARTICLES