peepl-small

জনস্বাস্থ্যলৈ ভাবুকিঃ জিএমচিৰ অনুজ্ঞা–পত্র অবিহনে মহানগৰীত মাছ–মাংসৰ বিক্রী নিষিদ্ধ

PUBLISHED:

জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি মহানগৰীৰ বিভিন্ন স্থানত একাংশ লোকে মুকলিকৈ মাছ–মাংসৰ ব্যৱসায় চলাই আহিছে৷ পৌৰ নিগম কর্তৃপক্ষই এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ অস্বাস্থ্যকৰ পৰিৱেশতে ব্যৱসায়ীসকলে মাছ–মাংস বিক্রী কৰি আহিছে৷

জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি কালি পৌৰ আয়ুক্ত দেৱাশিস শর্মাই এক নির্দেশনাযোগে জিএমচিৰ অনুজ্ঞা–পত্র অবিহনে মহানগৰীত মাছ–মাংস বিক্রীৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰে৷ নির্দেশটোত উল্লেখ কৰা অনুসৰি অস্বাস্থ্যকৰ পৰিৱেশ আৰু মুকলিকৈ মাছ–মাংস ব্যৱসায়ীসকলে বিক্রী কৰিব নোৱাৰিব৷

গুৱাহাটী পৌৰ নিগম আইন অনুসৰি এই নির্দেশনা উলংঘা কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে পৌৰ নিগম কর্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷

লক্ষণীয় যে মহানগৰীৰ বিভিন্ন স্থানত অস্বাস্থ্যকৰ পৰিৱেশত আৰু মুকলিকৈ ব্যৱসায়ীসকলে মাছ–মাংস বিক্রী কৰি আহিছে৷

RELATED ARTICLES