peepl-small

প্ৰাক্তন সাংসদ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ কংগ্ৰেছ দল ত্যাগ

PUBLISHED:

গুৱাহাটী:  বৰাকত কংগ্ৰেছৰ বিপৰ্যয়। কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱৰ কংগ্ৰেছ দল ত্যাগ। নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰীও আছিল সুস্মিতা দেৱ।

মন কৰিব লগীয়া  যে ‘কা’ ক লৈ বৰাকত পূৰ্বৰে পৰা মতভেদ আছিল। আনহাতে শিৱসাগৰৰ ৰাহুল গান্ধীৰ সভাত ‘কা’ বিৰোধী গামোচা গ্ৰহণ কৰা নাছিল সুস্মিতা দেৱে। বিগত লোকসভা নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা পৰাজয়বৰণ কৰিছিল দেৱে। উল্লেখ্য যে ২০১৪ চনত কংগ্ৰেছৰ টিকটৰ পৰা শিলচৰ লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল সুস্মিতা দেৱ।

জানিব পৰা মতে,  আসন বুজাবুজিক লৈ অসন্তুষ্ট সুস্মিতা দেৱ। বৰাকত  কংগ্ৰেছ দলটোৱে ৬ টা সমষ্টি এৰি দিছে AIUDFক। যাৰ পৰিপেক্ষিতত অসন্তুষ্ট হৈ পৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী সুস্মিতা দেৱ। সুস্মিতা দেৱে এই ৬টা সমষ্টি বিচাৰিছিল। আনহাতে সুস্মিতাই অভিযোগে কৰে গৌৰৱ গগৈৰ হস্তক্ষেপৰ বাবে ৬টা সমষ্টি AIUDFক এৰি দিছে। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই সুস্মিতা দেৱক বুজাবলৈ চেষ্টা অব্যাহত ৰাখিছে।

RELATED ARTICLES